বড়ো সাহিত্য সভাৰ দ্বিতীয় দিন স্মৃতিগ্ৰন্থ, বঁটা বিতৰণ অনুষ্ঠান
*চাইন অন ডেস্ক:*
চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱৰ থেংফাfখ্ৰী খেল পথাৰত আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন l কাৰ্যসূচী অনুসৰি আজি যথেষ্ট সংখ্যক সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিত পুৱাভাগত বড়ো সাহিত্য সভাৰ পতাকাউত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে কৰে কৰে l পতাকা উত্তোলন কৰি সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে বড়ো ভাষাৰ সাহিত্য সেৱী সকলক নিজৰ সৃষ্টিৰ জৰিয়তে সমাজৰ উপকাৰ সাধন কৰাৰ আহ্বান জনোৱাৰ লগতে বড়ো ভাষাক বিশ্ব দৰবাৰত নিয়াৰ বাবেও লেখক- সাহিত্যিক সকলক আহ্বান জনায় l
ইয়াৰ পাছতে ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি সূচকাংক বসুমতাৰীয়ে l আজি দিনটোৰ কাৰ্যসূচীৰ ভিতৰত স্মৃতিগ্ৰন্থ উন্মোচন, বড়ো সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠান, সাহিত্য অকাডেমি বঁটা প্ৰাপকক সম্বৰ্ধনা, আলোচনা চক্ৰ, কবি সন্মিলন, দ্বিতীয়খন প্ৰতিনিধি সভা আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব l