টুপামাৰীত আৰক্ষীৰ জাঁলত ড্ৰাগছ পেডলাৰ
*চাইন অন ডেস্ক:*
কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱৰ নুৰ আলম বুলি জানিব পৰা গৈছে। টুপামাৰী আৰক্ষী চকীৰ
ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান।উল্লেখ্য যে, টুপামাৰী আৰক্ষী চকী এলেকাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।টুপামাৰী অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান আগলৈকো অব্যাহত ৰাখিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।
Like this:
Like Loading...