বৰবৰুৱা আই টি আইত বি চি পি এল
হ্ৰস্বম্যাদী প্ৰশিক্ষণৰ শুভ উদ্বোধন
চাইন অন ডেস্ক,১৮জুন:
বৰবৰুৱাস্থ ডিব্ৰুগড় উদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এক হ্ৰস্বম্যাদী প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভ উদ্বোধনী অনুষ্ঠান আজি ১৮ জুন তাৰিখে অনুষ্ঠিত হয়। আই টি আই প্ৰতিষ্ঠানৰ সভাকক্ষত সকলোবোৰ প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাত বিশিষ্ট ব্যক্তি হিচাবে উপস্থিত থাকি একোটিকৈ ভাষণ দি প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়া উৎপল বৰুৱা,ডিব্ৰুগড় নিয়োগ বিনিময় কেন্দ্ৰৰ উপ সঞ্চালক শৈলেন্দ্ৰ কুমাৰ গোহাঁই, বি চি পি এলৰ চাৰি গৰাকী বিষয়া ক্ৰমে জয়ন্ত বৰুৱা,চন্দন বৰুৱা,জয়ন্ত দাস আৰু স্বাশ্বতি দাস, জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগ, জামিৰা কলেজৰ অধ্যক্ষ মনোৰঞ্জন হাজৰিকা আৰু আই টি আইৰ অধীক্ষক ৰাজু গোপাল। উল্লেখযোগ্য যে তিনিমহীয়া এই প্ৰশিক্ষণত ড্ৰাইভিং,ডি টি পি আৰু বিউটিচিয়ান বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।