অসম গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী
নতুন প্রশিক্ষণ বন্ধকে ধৰি কেবাটাও দাবীত ডিব্ৰুগড়ত সংবাদমেল
চাইন অন ডেস্ক
সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সংস্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সস্থাৰ আজি ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাৱত এক সংবাদমেল জড়িয়তে গৃহৰক্ষী বাহিনীত প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক,সেৱিকা সকলৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু সমস্যা সমূহ নিৰ্মূলকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক বিষয় সমূহ সমাধানৰ বাবে আহ্বান জনায়। বিগত সময়চোৱাত সংস্থাই বিভিন্ন মাধ্যমেৰে গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ মৌলিক সমস্যা সমূহৰ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় বিষয়া আমোলাবর্গক অৱগত কৰি বহুবাৰ চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল যদিও আজিকোপতি কোনো এখন চৰকাৰে মৌলিক সমস্যা সমূহ সমাধানৰ দিশে আগবঢ়া পৰিলক্ষিত নহ’ল বুলি অভিযোগ কৰে। বর্তমান চৰকাৰখনে একপক্ষীয় ভাৱে হঠকাৰি সিদ্ধান্তৰে ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন ২০১৫ চনত সংশোধিত নিয়মাৱলীক ধূলিস্যাৎ কৰি বিভিন্ন সময়ত নানা নীতি নিয়ম জাপি দি অসম গৃহৰক্ষী বাহিনীৰ প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী, স্বেচ্ছাসেৱক সেৱিকাৰ মুঠ ২৬,৬৯৬ গৰাকী আৰু ইয়াৰ পৰিবৰ্তে কৰ্তব্যত মকৰলৰ পদৰ সংখ্যা মুঠ প্রায় ১৬,৫০০। ইয়াৰে অসম পুলিচৰ অধীনত আছে প্রায় ১০,৫০০ জন। ব্যক্তিগত খণ্ডৰ অনুষ্ঠান, প্রতিষ্ঠান আৰু কাৰ্য্যালয়ত আছে প্রায় ৬,০০০ জন। কর্তব্যত মকৰল হোৱাৰ পৰা কর্মহীন হৈ, বছৰ বছৰ ধৰি ঘৰত বহি থাকিবলগীয়া হয় প্রায় ৮,১৯৬ জন। এনে এক সন্ধিক্ষণত অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫,০০০ যুৱক-যুৱতীক গৃহৰক্ষী প্রশিক্ষণ দিয়াৰ ব্যৱস্থাত চৰকাৰে হাততলোৱা কাৰ্য সন্থাই কোনো ক্ষেত্রতে মানি নলয় বুলি স্পষ্ট অভিযোগ কৰে। অবিভক্ত ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত বর্তমান গৃহৰক্ষী স্বেচ্ছাসেৱক -সেৱিকাৰ সংখ্যা ২,৯২৭ জন, তাৰ বিপৰিতে কর্মক্ষেত্রত নিয়োজিত হৈ আছে ২,৩৬৭ জন আৰু ৫৬০ জন কর্মহীন হৈ ঘৰতে বহি থাকিব লগীয়া হৈছে। আনহাতে অসমৰ প্ৰতিজন প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক,সেৱিকাৰ অন্ন, বস্ত্র, বাসস্থান আৰু বৃদ্ধ পিতৃ-মাতৃ তথা ল’ৰা-ছোৱালীৰ ভৱিষ্যত উন্নয়ন আৰু কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ২৬,৬৯৬ জন গৃহৰক্ষী স্থায়ী নিয়োগৰ ব্যৱস্থা নকৰা পৰ্য্যন্ত নতুনকৈ ৫,০০০ যুৱক-যুৱতীক অসম গৃহৰক্ষী বাহিনীত প্রশিক্ষণৰ সিদ্ধান্তক বাতিল কৰিবলৈ অনুৰোধ জনায় চৰকাৰক। অন্যথা অনাগত দিনত উক্ত বিষয় সন্দৰ্ভত অসম চৰকাৰে মানি নল’লে ২৬,৬৯৬ গৰাকী প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক,সেৱিকাৰ লগতে সমূহপৰিয়াল বর্গই গণতান্ত্রিক আন্দোলন কৰিবলৈ বাধ্য হৱ বুলি জানিবলৈ দিছে। ইয়াৰ উপৰিও গণতান্ত্রিক কার্যসূচী ৰূপায়ণত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে সন্থা জগৰীয়া নহয়। বৰং ইয়াৰ বাবে সম্পূর্ণ জগৰীয়া হ’ব মুখ্যমন্ত্রী লগতে বিভাগীয় মন্ত্রী ৰূপেশ গোবালা আৰু অসম চৰকাৰৰ গৃহবিভাগ
