...

ডিব্ৰুগড় জিলা ভিত্তিত চতুৰ্থ বাৰ্ষিক ‘হৰি নাম’ৰ প্ৰতিযোগিতাৰ আয়োজন

Spread the love

স্বেচ্চাসেৱী সংগঠন নব্য জাগৰণ সৃষ্টিশীল সংস্থা নেক’ ৰ উদ্যোগত

ডিব্ৰুগড় জিলা ভিত্তিত চতুৰ্থ বাৰ্ষিক ‘হৰি নাম’ৰ প্ৰতিযোগিতাৰ আয়োজন

 

চাইন অন ডেস্ক

 

ডিব্ৰুগড় জিলাৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান নব্য জাগৰণ সৃষ্টিশীল সংস্থা ‘নেক’ ৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু জামিৰা ৰৌমাৰী দিহিঙীয়া গাঁৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অহা ইংৰাজী ৯ নৱেম্বৰ দেওবাৰে ডিব্ৰুগড় জিলা ভিত্তিত চতুৰ্থ বাৰ্ষিক ‘হৰি নাম’ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ হৈছে৷ পুৱা ৮-৩০ বজাত বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰি ৯-০০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে ৯-৩০ বজাত ভাগৱত স্থাপন আৰু শৰাই প্ৰতিষ্ঠা, ১০-৩০ বজাত প্ৰতিযোগিতা আৰম্ভ, ৩-৩০ বজাত প্ৰসাদ বিতৰণ আৰু ৪-০০ বজাত বঁটা বিতৰণী পৰ্বৰে দিনটোৰ কাৰ্যসূচী সামৰণী পৰিব। উদ্যোক্তাসকলে এই বিষয়ত ইচ্চুক প্ৰতিযোগী দলসমূহৰ উপৰিও সকলো ভকতবৈষ্ণৱক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ প্ৰতিযোগী দলসমূহত অতিকমেও সাত (৭) জন নামাচাৰ্যসহ আৰু সৰ্বাধিক দহ (১০) জন নামাচাৰ্যসহ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিযোগিতাৰ সৱিশেষ নিয়মাৱলী প্ৰ-পত্ৰত উল্লেখ কৰা হৈছে৷ প্ৰতিযোগিতাৰ বিজয়ী দলসমূহক একাদিক্ৰমে ১ম, ২য়, ৩য় আৰু শ্ৰেষ্ঠ নামাচাৰ্য হিচাপে নগদ ধনসহ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ ইচ্ছুক দলসমূহে উল্লেখিত ম’বাইল নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি অনুষ্ঠানৰ তিনিদিন পূৰ্বে যোগদানৰ নিশ্চিত প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে উদ্যোক্তা সকলে। সবিশেষ জানিবলৈ ৮৭২১০৭৯২৪২ (মুখ্য সচিব), ৬৯০০৮০১৪৭৪ (সাংস্কৃতিক সচিব) নম্বৰত যোগাযোগ কৰিব পাৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *