চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ ঐতিহাসিক ১৬৮ বছৰীয়া কমিটি ভাওনা মহোৎসৱৰ লাইখুঁটা স্থাপন
তিনিটা স্থানত একে নিশাই মুঠ ২৪খন অংকীয়া ভাওনা
নগাঁও
১৮৫৮ চনতে নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৰাইজে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াক সন্মান জনাবলৈ অনুষ্ঠিত কৰা ভাওনা উৎসৱে “কমিটি ভাওনা”ৰ নামাংকৰনেৰে আজিও চৰাইবাহীবাসীয়ে আড়ম্বপূৰ্ণভাৱে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত অনুষ্ঠিত অনুষ্ঠিত কৰি আহিছে ৷ ১৬৮ বছৰ গৰকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰু জনাৰ কলা সংস্কৃতি ধ্বজাবাহক এই ঐতিহাসিক “কমিটি ভাওনা”খনি আজিৰ পৰা ৬ নবেম্বৰলৈ বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা ১০ বজাত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ প্ৰাঙ্গণত লাইখুঁটা স্থাপন কৰা হয়। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰী উপস্থিত থাকি মাঙ্গলিক দেৱ বাদ্যৰ ধ্বনিৰে লাইখুঁটাভাগ স্থাপন কৰে। উল্লেখ্য যে এই ঐতিহাসিক কমিটি ভাওনাখনিৰ মূল ভাওনাখনি অহা ৪ নবেম্বৰত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ তিনিটা স্থানত একে নিশাই মুঠ ২৪খন অংকীয়া ভাওনা অনুষ্ঠিত হʼব৷ বিশেষকৈ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত ১৩খন,সাৰ্বজনীন শংকৰ মন্দিৰত ১০খন আৰু বড়িগাঁও ৰাস মন্দিৰত এখন অংকীয়া ভাওনা অনুষ্ঠিত হʼব৷ আনহাতে বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে অহা ১নবেম্বৰত অনুষ্ঠিত হʼব লগা মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখযোগ্য যে ১৮৫৮ চনৰ পৰা অনুষ্ঠিত হৈ অহা কমিটি ভাওনাই কালক্ৰমত ত্ৰি-বাৰ্ষিক হৈ বৰ্তমানেও দুবছৰৰ অন্তৰে অন্তৰে তৃতীয় বছৰত এই কমিটি ভাওনা অনুষ্ঠিত হৈ আহিছে ৷ এই বৰ্ণাঢ়্য কাৰ্যসূচী ৰূপায়ণৰ বাবে ইতিমধ্যে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত লোকনাথ নাথক সভাপতি আৰু ৰিংকু নাথক সম্পাদক,সাৰ্বজনীন শংকৰ মন্দিৰত ভগৱান ভড়ালীক সভাপতি আৰু ইন্দ্ৰ ডেকাক সম্পাদক তথা বড়িগাঁও ৰাস মন্দিৰত লক্ষী বৰদলৈক সভাপতি আৰু বাপধন বৰদলৈক সম্পাদক হিচাপে লৈ তিনিওটা স্থানতে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।
