Skip to content নগাঁৱৰ জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত নিচাযুক্ত দ্ৰব্য-বিৰোধী সজাগতা সভা
নগাঁও,29আগষ্টঃ-– নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰে পুৱা ৯ বজাত বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত নিচাযুক্ত দ্ৰব্য-বিৰোধীতাৰে এখন সজাগতা সভা অনুষ্ঠিত হয় । ৰাইজৰ মাজত মাদক দ্ৰব্য, ড্ৰাগছ,ধপাঁত আদিৰ ব্যৱহাৰৰ বিৰোধিতা তথা সচেতনতা গঢ়ি তোলাৰ বাবে এই সভা অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক তথা লেখক দেৱজিৎ হাজৰিকাই কয় যে ড্ৰাগচ-মাদকদ্ৰব্য আদি মাৰাত্মক ব্যাধি । এইবোৰে নৱ প্ৰজন্মক অবাটে নিয়াৰ লগতে বহু পৰিয়ালক তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকি নিয়মানুবৰ্তিতাৰে জীৱন আগবঢ়াই নিবলৈ আহ্বান জনায়। হাজৰিকাই লগতে কয় যে নিচাজাতীয় দ্ৰব্য ৰোধৰ বাবে অভিভাৱকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে ছাত্ৰী-ছাত্ৰী সকলে অধ্যয়ন আৰু ক্ৰীড়াত মনোনিবেশ কৰি নিজকে সফল কৰি তুলিবলৈ আহ্বান জনায় । বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অৰুণ বৰাই আঁতধৰা সভাখনিত বিদ্যালয়ৰ প্ৰধান শিক্ষক
জ্যোতি প্ৰসাদ বৰাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে । এই ব্যতিক্ৰমী সভাখনত বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীসকল প্ৰমূখ্য কৰি ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
নগাঁও