জীৱ শ্ৰেষ্ঠ মানুহ ! ধিক ! ধিক!
একাংশ নৰাধমৰ বাবেই নিৰীহ বন্য জীৱৰ হত্যা হল
নৃশংস মনুষ্যৰ জঘন্য কাণ্ড !
_বন্য প্ৰানীৰ ঠেং-নেজ-নখ কাটি লভিলে আসুৰিক তৃপ্তি_
চাইন অন ডেস্কঃ

মানুহৰ আক্ৰমণত মৃত্যু হ’ল এটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘৰ ৷ কাটি লৈ গ’ল বাঘটোৰ দাঁত, কাণ, ভৰি, নেজ, গাৰ মঙহ, ছাল, নখ আদি।
প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাট জিলাৰ বোকাখাত সমষ্টিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । জাঠি-জোং লৈ অতি নৃশংসভাৱে গাঁৱৰ ৰাইজে হত্যা কৰিলে এটা ঢেকীয়াপতীয়া বাঘ। বোকাখাত সমষ্টিৰ অন্তৰ্গত বুধে চাপৰিত বাঘটো হত্যা কৰে গাঁৱৰ ৰাইজে ৷ এই কথা উল্লেখ কৰিছে বন বিভাগৰ লোকে ৷
গাঁৱৰ ৰাইজে প্ৰথমে পুৱাই তিনিঘৰীয়া-বৰচাপৰিৰ কলাবাৰীত প্ৰত্যক্ষ কৰে বাঘটো।তাৰ পাছতে ৰাইজে চিঞৰ-বাখৰ কৰে ৷ গঞা ৰাইজৰ হুলস্থূল শুনি বাঘটো বৰবিলৰ ধাননিৰ মাজত লুকাই যায় ৷ কিন্তু গাঁৱৰ ৰাইজে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি দা-জাঠি-জোং লৈ বাঘটোক আক্ৰমণ কৰে ৷
বাঘটোক কেৱল নৃশংসভাৱে হত্যা কৰাই নহয়, গাঁৱৰ একাংশ উন্মাদ ৰাইজে ইয়াৰ গাৰ মঙহ, নেজ, আগফালৰ ঠেং দুটাৰ আধা অংশ, পাছফালৰ ঠেং দুটাৰ নখ, দাঁত, এখন কাণ, ছাল আদি কাটি লৈ যায় ৷ ইফালে এই ঘটনাৰ খবৰ লাভ কৰি বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয় যদিও বহু চেষ্টাৰ অন্ততহে দণ্ডাধীশৰ উপস্থিতিত উগ্ৰ গঞাৰ মাজৰ পৰা বাঘটোৰ মৃতদেহ তুলি নিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, উগ্ৰ গঞাৰ হাতৰ পৰা বাঘটোক উদ্ধাৰ কৰিবলৈ যাওঁতে বন বিভাগৰ কেবাজনো লোক কিছু পৰিমাণে আহত হয় ৷ বন বিভাগৰ লোকে বাঘটোৰ মৃতদেহ গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় ৷

এই সম্পৰ্কে গোলাঘাট আঞ্চলিক বন বিভাগৰ বন বিষয়া আইহোম শ্যামে কয়, ‘‘ৰাইজে হত্যা কৰিছে এই ঢেঁকীয়াপতীয়া বাঘটোক । আমাক খবৰ দিয়াত আমি গৈ পোৱাৰ আগতেই হাজাৰ হাজাৰ লোকে হত্যা কৰিলে বাঘটোক ৷ আমি বচাবলৈ নোৱাৰিলো । এই সম্পৰ্কে তদন্ত কৰা আৰম্ভ কৰিছো । আমাৰ বনকৰ্মীসকলে বাধা প্ৰদান কৰাত ৰাইজে তেওঁলোককো আক্ৰমণ কৰিছিল ৷ যাৰ ফলত তিনিজন বনকৰ্মী আঘাতপ্ৰাপ্ত হৈছে । বাঘটোৰ দাঁত, কাণ, ভৰি, নেজ, মাংস, ছাল, নখ আদি ৰাইজে কাটি লৈ গৈছে । বাঘটোৰ বয়স ন-দহ বছৰ হ’ব ।’’
এনেদৰেই এক বন্য জীৱক নৃশংসভাৱে হত্যা কৰাতো কোনো কাৰনতেই মানি লব নোৱাৰি।