...

গ্ৰন্থৰ সুবাসেৰে আমোলমোল ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ গ্ৰন্থমেলা বাকৰি

গ্ৰন্থৰ সুবাসেৰে আমোলমোল ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ গ্ৰন্থমেলা বাকৰি

তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘সতীর্থ গ্রন্থমেলা’

ঢকুৱাখনা,২৮ ছেপ্টেম্বৰ:

কিতাপৰ সুবাস আৰু গ্ৰন্থৰ সৈতে মধুৰ সংযোগৰ এক মননশীল পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে ঢকুৱাখনাৰ উচ্চশিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত আজিৰে পৰা
তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘সতীর্থ গ্রন্থমেলা’।
হাৰ্হি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু সতীৰ্থ জ্ঞান যাত্ৰাৰ সহযোগত অনুষ্ঠিত হোৱা ‘সতীর্থ গ্রন্থমেলা’ৰ সোমবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।হাৰ্হি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ৰিন্টু সন্দিকৈয়ে আঁতধৰা আৰু গৰিষ্ঠসংখ্যক শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গ্ৰন্থমেলাৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰি অধ্যক্ষ ড° মানসজ্যোতি নেওগে উদ্বোধকৰ ভাষণত কয় যে,গ্রন্থমেলাই সাহিত্য চৰ্চা আৰু অধ্যয়নৰ পৰিৱেশ সৃষ্টিত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে।এখন মহাবিদ্যালয়ে নিজা উদ্যোগত এনেকুৱা এখন গ্ৰন্থমেলা আয়োজন কৰাটো অসমৰ প্ৰেক্ষাপটত এক দৃষ্টান্ত।এই গ্ৰন্থমেলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ৰিন্টু সন্দিকৈয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃহত্তৰ হাৰ্হি অঞ্চলৰ ৰাইজেও এই গ্ৰন্থমেলাৰ পৰা কিতাপ তথা গ্ৰন্থ ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। বিশেষকৈ শিক্ষাৰ্থীসমাজ আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমৰ উপৰি সৰ্বদিশৰ জ্ঞান আহৰণৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনটো যাতে আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যেই মহাবিদ্যায়খনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ জৰিয়তে কিতাপৰ সৈতে শিক্ষাৰ্থীসকলৰ সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে পৰিচিত হাৰ্হি মহাবিদ্যালয়লৈ তিনিদিনীয়াকৈ গ্ৰন্থমেলা অহা খবৰে পঢ়ুৱৈ সমাজক বিশেষভাৱে উৎফুল্লিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *