ডিব্ৰুগড়ত হোমষ্টে’ত চলা অনৈতিক কাৰ্যকলাপ আৰু ব্যভিচাৰী চক্ৰ উৎখাতৰ দাবী
জিলা আয়ুক্তক চুতীয়া ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ স্মাৰক পত্ৰ
কঠোৰ পদক্ষেপ নল’লে তীব্ৰ আন্দোলনৰ সকীয়নি
চাইন অন ডেস্ক, ২৮ ছেপ্টেম্বৰ :
উচ্চ শিক্ষা, সংস্কৃতি আৰু ঐতিহ্যৰ অন্যতম কেন্দ্ৰস্থল ডিব্ৰুগড় জিলাত শেহতীয়াকৈ ‘হোমষ্টে’ (Homestay)-ৰ নামত চলি থকা অবাধ মুকলি যৌনতা, অনৈতিক কাৰ্যকলাপ আৰু ব্যভিচাৰী চক্ৰ অতি শীঘ্ৰে উৎখাত কৰাৰ দাবীত আজি ডিব্ৰুগড় জিলা আয়ুক্তক এক যৌথ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া আৰু ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি মনোজ ওৰাঙে স্বাক্ষৰ কৰা উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে জিলাখনত গঢ়ি উঠা এই অসাধু চক্ৰটোৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনোৱা হৈছে। ছাত্ৰ সংগঠন দুটাই স্মাৰক পত্ৰখনত গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰি উল্লেখ কৰে যে, পৰ্যটনৰ নামত ডিব্ৰুগড় চহৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কাঠফুলাৰ দৰে গঢ়ি উঠা বহুতো হোমষ্টে’ এতিয়া একাংশ মুনাফালোভী আৰু অসাধু ব্যৱসায়ীয়ে অনৈতিকতা, অপসংস্কৃতি আৰু অসামাজিক কাৰ্যকলাপৰ নিৰাপদ ঘাটিলৈ পৰিণত কৰিছে। আনকি প্ৰশাসনৰ চকুৰ সন্মুখতে এই চক্ৰটোৱে সামাজিক মাধ্যমত মুকলিকৈ আপত্তিজনক বিজ্ঞাপন প্ৰচাৰ কৰি উঠি অহা যুৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বুলি সংগঠন দুটাই অভিযোগ উত্থাপন কৰিছে। পৰ্যটকক আতিথ্য দিয়াৰ সলনি একাংশ হোমষ্টে’ত ঘণ্টা হিচাপত কোঠা ভাড়ালৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সামাজিক মাধ্যমত ঘণ্টাত মাত্ৰ ২০০ টকা বা ৩০০ টকা
আদিত কোঠা উপলব্ধ বুলি সস্তীয়া প্ৰচাৰ চলাই যুৱক-যুৱতীক এনে অনৈতিক কাৰ্যলৈ মুকলিকৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰি গোপনীয়তা ৰক্ষাৰ প্ৰলোভন দি ‘কাপল ফ্ৰেণ্ডলি’ (Couple Friendly)-ৰ নামত কিছুমান স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীক বিপথগামী কৰা হৈছে আৰু ইয়াৰ সুযোগ লৈ বহু স্থানত অনৈতিক কাণ্ড সংঘটিত হোৱাৰ গভীৰ আশংকা সৃষ্টি হৈছে। একেদৰে পাৰ্টি আয়োজনৰ উপযুক্ত স্থান বুলি মুকলি বিজ্ঞাপন দি আৱাসিক অঞ্চলৰ মাজত উচ্ছৃঙ্খল পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ সামাজিক আৰু পাৰিবাৰিক বাতাৱৰণ কলুষিত কৰাৰ লগতে সহজ ধন ঘটাৰ লোভ দেখুৱাই অসমীয়া যুৱক-যুৱতীক এই অসামাজিক জালখনত জড়িত কৰাই এক ভয়াৱহ সামাজিক ব্যাধিৰ সৃষ্টি কৰা বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে। এই ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চুতীয়া ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সকলো হোমষ্টে’, লজ আৰু গেষ্ট হাউচত আৰক্ষী আৰু দণ্ডাধীশৰ যৌথ নেতৃত্বত তাৎক্ষণিকভাৱে অতৰ্কিতে অভিযান চলোৱাৰ দাবী জনাইছে। লগতে ঘণ্টা হিচাপত কোঠা ভাড়ালৈ দিয়া আৰু অনৈতিক দেহব্যৱসায় চলাই থকা প্ৰতিটো হোমষ্টে’ৰ অনুজ্ঞাপত্ৰ বাতিল কৰি সেইসমূহ
চৰকাৰীভাৱে ছীল কৰা আৰু স্বত্বাধিকাৰীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰতম দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবেও সংগঠন দুটাই দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে যিসকল ব্যক্তি, মধ্যভোগী নাইবা সামাজিক মাধ্যমৰ প্ৰচাৰকে ঘণ্টাত ২০০-৩০০ টকাত কোঠা অথবা ‘কাপল ফ্ৰেণ্ডলি’ বুলি মুকলি বিজ্ঞাপন চলাই সমাজখন কলুষিত কৰিছে, তেওঁলোকক তাৎক্ষণিকভাৱে চিনাক্ত কৰি চাইবাৰ আইনকে ধৰি প্ৰচলিত কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰি আৱাসিক এলেকাত স্থানীয় ৰাইজৰ অজ্ঞাতে চলি থকা অকৰ্তৃত্বশীল হোমষ্টে’সমূহ তৎকালীনভাৱে বন্ধ কৰা আৰু বৈধ হোমষ্টে’সমূহৰ বাবে কটকটীয়া নিৰীক্ষণ ব্যৱস্থা বাধ্যতামূলক কৰাৰো দাবী জনোৱা হৈছে। যদিহে জিলা প্ৰশাসনে এই সংবেদনশীল বিষয়টোত তাৎক্ষণিকভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ডিব্ৰুগড় জিলাৰ সুস্থ সামাজিক পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাই সচেতন ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে। উল্লেখ্য যে, সংগঠন দুটাই বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈয়ো প্ৰেৰণ কৰিছে।