...

জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

চাইন অন ডেস্ক,২৮ ছেপ্তেম্বৰঃ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবীত আজি ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শেহতীয়াকৈ জ্ঞানেশ কুমাৰক লৈ উত্থাপিত হোৱা অভিযোগৰ ভিত্তিত শীঘ্ৰে গ্ৰেপ্তাৰৰ প্ৰতিবাদত কংগ্ৰেছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আজি ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা থানা চাৰিআলিলৈকে এক বিশাল প্ৰতিবাদী ৰে’লী বাহিৰ কৰি জ্ঞানেশ কুমাৰৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰী কংগ্ৰেছী কৰ্মীসকলক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰি যদিও আৰক্ষীৰ বাধা নেওচি থানা চাৰিআলি অভিমূখে আগবাঢ়ে৷ প্ৰতিবাদকাৰীসকলে ‘জ্ঞানেশ কুমাৰ ভোট চোৰ’, ‘জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰ কৰক’ আদি প্ৰতিবাদী

শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ বহু সময় ধৰি থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছী কৰ্মীসকলক সদৰ থানা অভিমূখী লৈ যায়৷ আৰক্ষীয়ে জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভা, জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰাজমোহন শইকীয়াক আটক কৰে৷ ইয়াৰ পাছতে কংগ্ৰেছী কৰ্মীসকলে সদৰ থানাৰ চৌহদতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিস্থিতি অধিক

উত্তপ্ত কৰি তোলে৷ ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ জ্ঞানেশ কুমাৰক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাজনে৷ এই জ্ঞানেশ কুমাৰৰ ছত্ৰছায়াতে ৰাইজে প্ৰত্যাখ্যান কৰাৰ পাছতো তৃতীয়বাৰৰ বাবে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *