...

জুবিনৰ মৃত্যুত আলফা(স্বা:)ৰ শোক প্ৰকাশ

Spread the love

জুবিনৰ মৃত্যুত আলফা(স্বা:)ৰ শোক প্ৰকাশ

চাইন অন ডেস্ক:

জুবিন গাৰ্গ; নামেই যাৰ পৰিচয়। অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ। কেৱল অসমৰ সাংস্কৃতিক ক্ষেত্রখনতেই নহয়, বাংলা, নেপালী আৰু ভাৰতীয় সংগীতৰ সমান্তৰালকৈ প্ৰাচাত্য সংগীত প্রেমীসকলকো সুৰেৰে মুহাচ্ছন্ন কৰি ৰাখিব পৰা কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ কেৱল এটি নাম নহয়; এক সত্ত্বা, এক আবেগ। সেই কণ্ঠ আৰু সুৰেৰে অসম তথা পশ্চিমা দক্ষিণ পূৱ এছিয়া [ৱেছিয়া]ৰ সংস্কৃতিক জগত সভাত উপস্থাপন কৰিবলৈ গৈ ছিঙ্গাপুৰত Scuba Diving কৰি থকাৰ অৱস্থাত আজি ইংৰাজী ১৯ চেপ্তেম্বৰ ২০২৫ তাৰিখে এক দুর্ঘটনাত পতিত হৈ আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কণ্ঠশিল্পী গৰাকীয়ে অকাল মৃত্যুক আকোঁৱালি লয়। তেখেতৰ আকস্মিক বিয়োগত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ অতল সমবেদনা জ্ঞাপন কৰিলোঁ বুলি সংবাদ মাধ্যমলৈ দিয়া এক বিজ্ঞপ্তিত প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *