কামৰূপ,৩অক্টোবৰঃ
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পকী পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি হৈছে। জানিব পৰামতে সোণতলীৰ গোষ্ট বিহাৰীৰ পৰা নিম্বুটাৰীলৈ যোৱা পথটো নিৰ্মাণকাৰ্যত নিয়োজিত ঠিকাদাৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই ঠিকাদাৰে নিজৰ মইমতালিৰে অতি নিম্নমানেৰে কাম কৰা কাৰ্যক লৈ সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰামতে ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে চলিত জুলাই মাহত ২০২৫-‘২৬ বৰ্ষৰ আৰ আই ডিলএফ পুঁজিৰ অধীনত উক্ত পথটোৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। গ্ৰাম্য যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ স্বাৰ্থত উক্ত আঁচনিখনৰ বাবে চৰকাৰে প্ৰায় ৭৫ লক্ষাধিক টকা ধাৰ্য কৰে। কিন্তু কাম আৰম্ভ হোৱাৰ পিছৰে পৰা ঠিকাদাৰ আৰু তেওঁৰ তলৰ কৰ্মচাৰীসকলে উক্ত পথটো ব্যাপক বিসংগতিৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। উক্ত পথটো কালি ব্যাপক দুৰ্নীতিৰে প্লাষ্টাৰ আৰু পিচিং কৰে৷ কোনোধৰণৰ মানদণ্ড ৰক্ষা নকৰাকৈ কেৱল কামটো শেষ কৰাৰ লক্ষ্যৰে পথটোৰ ওপৰত আলকাতৰা আৰু শিলগুটি ছটিয়াই দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ব্যাপক দুৰ্নীতি-অনিয়ম চকুত পৰাত স্থানীয় ৰাইজে কালি কাম বন্ধ কৰি ঠিকাদাৰক চৰকাৰী নিৰ্দেশনা অনুসৰি কাম কৰিবলৈ দাবী জনায়। দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত সঠিকভাৱে কাম কৰাৰ দাবী জনোৱাৰ পিছত কালি পৰিস্থিতি অতি ভয়াৱহ ৰূপ লয়। অভিযোগ অনুসৰি, ঠিকাদাৰে নিজৰ দোষ স্বীকাৰ কৰাৰ পৰিবৰ্তে প্ৰতিবাদকাৰীসকলক আইন দেখুৱাই ভাবুকি প্ৰদান কৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে৷ জানিব পৰামতে পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি তথা ঠিকদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষুণ্ণ হৈ আজি ছমৰীয়াপামত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে পথ নিৰ্মাণত দুৰ্নীতি বন্ধ কৰা, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা, বিভাগীয় ঠিকাদাৰ হুঁচিয়াৰ, দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলক. ৰাস্তা ভালকৈ নিৰ্মাণ কৰক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। ইপিনে ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু কামৰূপ জিলা প্ৰশাসনক পথ নিৰ্মাণত অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.