২৬’ত ৰূপজ্যোতি কুৰ্মিক হৰুৱামঃ অখিল গগৈ
*চাইন অন ডেস্ক:*
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি মৰিয়নিত ৰূপজ্যোতি কুৰ্মিক হৰুৱাম। ২৬’ক লৈ অতি আত্মবিশ্বাসী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই কথা দাবী কৰিছে। আগন্তক নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত ৰাইজৰ দলৰ নেতা-কৰ্মীক ভয়-ভাবুকিৰে কন্ঠ স্তব্ধ কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ
উত্থাপন কৰি ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈক ৰূপজ্যোতি কুৰ্মিৰ গুণ্ডাবাহিনীয়ে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিধায়ক অখিল গগৈয়ে। দেৱাংগ সৌৰভ গগৈ মৰিয়নিৰ এজন ভোটাৰেই নহয়, আই আই এম কলিকতাৰ পৰা উত্তীৰ্ণ এজন মেধাৱী যুৱক। আমেৰিকা বা ইংলেণ্ডত চাকৰি কৰি বছৰত কোটি টকাৰ দৰমহা লৈ জীৱনটো চলি থাকিব পাৰিলে হয়। কিন্তু জাতিৰ স্বাৰ্থত মৰিয়নিৰ জনতাক সংগঠিত কৰা কামত লাগিছে। খিলঞ্জীয়া অসমীয়াৰ ওপৰত হাত উঠাইছে
ৰূপজ্যোতি কুৰ্মীয়ে। হত্যাৰ প্ৰচেষ্টা চলোৱা অভিযোগত ৰূপজ্যোতি কুৰ্মিক গ্ৰেপ্তাৰ কৰিব লাগে। ৰূপজ্যোতি কুৰ্মীৰ ধমকত ভয় খাব নালাগে। আমি এইবাৰ হৰুৱামেই ৰূপজ্যোতি কুৰ্মীক। মৰিয়নিত কৃষকৰ মাটি অধিগ্ৰহণ কৰি কৃত্ৰিম পুখুৰী খান্দিব বিচৰাক লৈ বিধায়ক অখিল গগৈয়ে কয়, মৰিয়নিত ১৭০০ বিঘা কৃত্ৰিম পুখুৰী খান্দিব বিচাৰিছে। ভিজিআৰ মাটিখিনিত কৃষকসকল খেতি কৰি আছে। শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ কিদৰে পুখুৰী খান্দিব পাৰে। ইলেকশ্যনৰ খৰচ উলিয়াব কাৰণে বিধায়কসকললৈ মন্ত্ৰী পীযুষ হাজৰিকাই এনেধৰণৰ উপহাৰ বিলাক দি আছে। ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ খেতিয়কৰ মাটি কাঢ়ি পুখুৰী খান্দিছে।
Like this:
Like Loading...