অসমত আফ্ৰিকান ছোৱাইন ফ্লু’ ?
হোৰহোৰাই মৰিছে গাহৰি !
ঢকুৱাখনা,৩০মে’:
ঢকুৱাখনাত আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক। অস্বাভাৱিকভাৱে মৃত্যু হৈছে গাহৰিৰ।ঢকুৱাখনাৰ অয়েঙীয়া গাঁৱৰ

গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা যুৱকজনৰ এতিয়া মূৰত ভাগি পৰিছে সৰগ।মৃত্যু গাহৰি কেইটা আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।অৱশ্যে এতিয়ালৈকে গাহৰিৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত পশুপালন বিভাগেও কোনো ব্যৱস্থা হাতত নোলোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে।মৃত্যু হোৱা অধিকাংশ গাহৰিয়েই
নিৰুজে লাভ কৰিছিল জিলাভিত্তিত শ্ৰেষ্ঠ কৃষকৰ সন্মান। ভুক্তভোগী যুৱকজনে ক্ষতিপূৰণ দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।