...

৭জুনত আটছা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আটছাৰ শ্বহীদ দিৱসৰ আয়োজন

৭জুনত আটছা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আটছাৰ শ্বহীদ দিৱসৰ আয়োজন

চাইন অন ডেস্ক,৪জুন:

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা (আটছা) সমিতিৰ উদ্যোগত অহা ৭ জুনত লাহোৱালৰ ডিকম চেঁচা চাহ বাগিচাৰ ছহিদ সমাধিস্থলৰ প্ৰাঙ্গনত আটছাৰ ৩৮তম শ্বহীদ দিৱসৰ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে বুলি অসম চা জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চুনু উৰাঙে জানিবলৈ দিছে। কাৰ্যসূচী অনুসৰি অহা ৭ জুনৰ পুৱা ৯.৩০বজাত আটছা পতাকা উত্তোলন কৰিব আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘে, ১০বজাত শ্বহীদ তৰ্পণ কৰিব আটছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চুনু উৰাঙে, ১০-৩০বজাত সমাধিস্থলত পুষ্পাঞ্জলী অৰ্পণ, ১২বজাত প্ৰসাদ বিতৰণ, ১২-৩০বজাত চাহ জনজাতি মহিলা সমিতিৰ জৰিয়তে শ্বহীদ বন্দনা, দুপৰীয়া ১-৩০বজাত স্মৃতিচাৰণ সভা, সন্ধিয়া ৫বজাত পতাকা অৱলোকন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। উল্লেখ্য যে চাহ জনজাতি সকলৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে জীৱন উয়সৰ্গা কৰা জাতীয় শ্বহীদ সকলৰ ত্যাগ তথা আত্মবলিদান শ্ৰদ্ধাৰে স্মৰণ কৰাৰ উদ্দেশ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, আৰু লাহোৱাল, ডিব্ৰুগড়, টেঙাখাট, চাবুৱা, বৰবৰুৱা, মৰাণ, ৰাজগড়, দুলীয়াজান, নাহৰকটীয়া শাখা, অসম চাহ জনজাতি মহিলা সমিতি আৰু ডিকম চেঁচা চাহ বাগিচাৰ ৰাইজৰ সহযোগত ডিকম চেঁচা চাহ বাগিচাৰ ছহিদ সমাধিস্থলত অনুষ্ঠিত হবলগীয়া ৩৮তম শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ, সাধাৰণ সম্পাদক চুনু উৰাঙে গোহাৰি জৰিয়তে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *