...

কানৈ মহাবিদ্যালয়ত ‘প্রিন্সিপালছ লাষ্ট ক্লাছ’ শীর্ষক মননশীল বক্তৃতানুষ্ঠান

কানৈ মহাবিদ্যালয়ত ‘প্রিন্সিপালছ লাষ্ট ক্লাছ’ শীর্ষক মননশীল বক্তৃতানুষ্ঠান
শিক্ষা কেৱল পৰীক্ষাত পাছ কৰিবৰ বাবে লাভ কৰা নম্বৰ নহয় ঃ অধ্যক্ষ ড° শ‍ইকীয়া

চাইন অন ডেস্ক,২৩জুলাই

শিক্ষা কেৱল পৰীক্ষাত পাছ কৰিবৰ বাবে লাভ কৰা নম্বৰ নহয়, শিক্ষা হ’ল মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰস্তুতি, ই কেতিয়াও জীৱিকা উপাৰ্জনৰ বাবে নহয়। শিক্ষাৰ মূল উদ্দেশ্যটোৱেই হ’ল ভাল মানুহ হোৱা, ভাল মানুহ গঢ়া। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোনোৱালৰ উদ্যোগত আয়োজিত ‘প্রিন্সিপালছ লাষ্ট ক্লাছ ১.০’ শীর্ষক এক বিশেষ বক্তৃতামালা শুভাৰম্ভ কৰি শিক্ষাৰ্থীসকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই আজি এইদৰে কয়। মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিতবক্তৃতানুষ্ঠানত অধ্যক্ষ ড° শ‍ইকীয়াই কয় যে এজন শিক্ষাৰ্থীৰ সফলতা কেৱল শৈক্ষিক ফলাফলৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ সমাজ, পৰিয়াল আৰু মানৱতাৰ প্ৰতি তেওঁ দেখুওৱা দায়িত্ববোধ আৰু আচৰণৰ জৰিয়তেহে প্রকৃত মূল্যায়ন হয়। ভাষণত তেওঁ মাতৃৰ ত্যাগ, পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা, শিক্ষকক সন্মান, মাতৃভাষা আৰু সংস্কৃতিৰ সৈতে সংযোগ অটুট ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। এক হৃদয়স্পর্শী কাহিনীৰ জৰিয়তে তেওঁ শিক্ষাৰ্থীসকলক স্মৰণ কৰাই দিয়ে যে জীৱনত যিমানেই উচ্চ স্থানত উপনীত নহওক কিয়, নিজৰ শিপা, পৰিয়াল আৰু বিশেষকৈ পিতৃ-মাতৃৰ ত্যাগ কেতিয়াও পাহৰিব নালাগে। ড° শ‍ইকীয়াই লগতে কয় যে জীৱনৰ অৰ্থ বাহিৰৰ পৰা দিয়া বস্তু নহয়, ভিতৰৰ পৰা সৃষ্টি কৰা এক গভীৰ অনুভূতি। যি কামে মানুহক আনন্দ দিয়ে, যি কামে নিজক পাহৰাই পেলাই, সেইটোৱেই হ’ল প্ৰকৃততে জীৱনৰ অৰ্থ। যদি জীৱনৰ অৰ্থ অনুভৱ কৰিবলৈ হয়, সেই প্রশ্নটো নিজকে কৰা উচিত, নিজক সোধা উচিত। তেওঁ কয় যে – ম‍ই কাৰ বাবে জীয়াই আছো, ম‍ই কি কৰিম, পৃথিৱীলৈ আহি মই কাক, কি দি যাব বিচাৰো ৷ জীৱনৰ বাবে আজিৰ দিনটোৱেই যদি শেষ দিন হয়, তেন্তে কোনাবা এটা কাম কৰি যাবলৈ হ’লে কোনটো কাম ম‍ই প্ৰথমে কৰিম? এনে প্রশ্নৰ মাজতেই জীৱনৰ অৰ্থ লুকাই থাকে ৷ তেওঁ পুনৰ কয় জীৱনৰ অৰ্থ হ’ল নিজেই নিজৰ বাবে দিব পৰা উত্তৰ। এজন মানুহৰ বাবে হাঁহি, কান্দোন, দুখ, বেদনা, সফলতা-বিফলতা, স্পৰ্শ এইবোৰেই হ’ল জীৱনৰ বাবে মহা মূল্যৱান আৰু এইয়াই হ’ল জীৱনৰ অৰ্থ । তেওঁ কয়— সফলতা আৰু ব্যৰ্থতা জীৱনৰ স্বাভাৱিক অংশ। ভুলক ভয় নকৰি তাৰ পৰা শিক্ষা গ্রহণ কৰি সাহসেৰে আগবাঢ়ি যোৱাটোৱেই জীৱনৰ মূল শিক্ষা। তেওঁ শিক্ষাৰ্থীসকলক সমাজৰ প্ৰতি দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি উঠিবলৈ, বিপদত মানুহৰ কাষত থিয় দিবলৈ আৰু জীৱনত পদবী বা ধন-সম্পদতকৈ মানৱীয় মূল্যবোধক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। কানৈ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মজীৱনৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁ কয়— শিক্ষকে অৱসৰ ল’ব পাৰে, কিন্তু তেওঁৰ আদৰ্শ আৰু শিক্ষা শিক্ষাৰ্থীৰ মাজত চিৰদিন জীয়াই থাকে। শিক্ষার্থীসকলৰ সফলতা, সততা আৰু সু-কৰ্মই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্য বুলি উল্লেখ কৰি তেওঁ মহাবিদ্যালয়লৈ নতুনকৈ অহা সকলো ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । আবেগিক পৰিৱেশত অনুষ্ঠিত এই ‘প্রিন্সিপালছ লাষ্ট ক্লাছ’অনুষ্ঠানত অধ্যক্ষগৰাকীৰ জীৱনদৰ্শন, মূল্যবোধ আৰু মানৱীয় বাৰ্তাই উপস্থিত শিক্ষার্থীসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰে। উল্লেখ্য যে আজিৰ এই বক্তৃতানুষ্ঠানত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী আৱেগিক হৈ পৰে আৰু জীৱন দৰ্শন সম্পৰ্কে, জীৱনৰ অনুভৱ-উপলব্ধিৰ বিষয়ে অধ্যক্ষজনৰ স’তে মত-বিনিময় কৰে। মনকৰিবলগীয়া যে এই বক্তৃতামালা খণ্ড খণ্ডকৈ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা দুয়োগৰাকী অধ্যাপিকাই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *