...

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ SKAC

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ SKAC

চাইন অন ডেস্ক,১২ছেপ্তেম্বৰ:

অসমৰ অন্যতম ভূমিপুত্ৰ সোনোৱাল কছাৰী জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।সেয়ে শীঘ্ৰে নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে দিশপুৰ ঘেৰাও কৰাৰ হুংকাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ। সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (Sonowal Kachari Autonomous Council—SKAC)ৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই। পৰিষদৰ ৩২টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতো নিৰ্বাচনৰ দিন ঘোষণা নকৰাত সংগঠনটোৱে চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।কেন্দ্ৰীয় সভাপতি দেৱানন্দ চেলেঙে কয় যে যোৱা ২ ছেপ্টেম্বৰত পৰিষদৰ ৩২টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। আনহাতে, ৭ ছেপ্টেম্বৰত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা আছিল যদিও চৰকাৰে এই পৰ্যন্ত নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই। এই ঘটনাই সোনোৱাল কছাৰী জনগোষ্ঠীৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰা বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি চেলেঙে অভিযোগ কৰে যে সোনোৱাল কছাৰী জনগোষ্ঠীক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অতি শীঘ্ৰে পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।অন্যথা সংগঠনটোৱে ৰাজপথত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে পৰৱৰ্তী সময়ত দিশপুৰ ঘেৰাওৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।
ইফালে কেন্দ্ৰীয় সম্পাদক পৰিক্ষীত সোনোৱালে অভিযোগ কৰে যে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পাঁচ বছৰীয়া কাৰ্যকাল উকলি যোৱাৰ পাছতো ইতিমধ্যে প্ৰায় ৭ বছৰ পাচঁ মাহ অতিবাহিত হৈছে। তথাপিও নিৰ্বাচন অনুষ্ঠিত নকৰাৰ ফলত সোনোৱাল কছাৰী ৰাইজে গণতান্ত্ৰিক অধিকাৰৰ লগতে পৰিষদৰ জৰিয়তে লাভ কৰিবলগীয়া উন্নয়নৰ পৰাও বঞ্চিত হৈ আহিছে বুলি ক্ষোভ উজাৰে।পৰিক্ষীত সোনোৱালৰ মতে, পূৰ্বতে মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত আলোচনাত শীঘ্ৰে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস দিয়া হৈছিল। কিন্তু সেই আশ্বাস কাৰ্যকৰী নোহোৱাত চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে তেওঁ।তেওঁ লগতে কয় যে ৩২টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতো নিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ কোনো যুক্তিসংগত কাৰণ থাকিব নোৱাৰে। নিৰ্বাচন পিছুৱাই ৰখাৰ আঁৰত চৰকাৰৰ ৰাজনৈতিক সুবিধা-অসুবিধাৰ কোনো অংক আছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
সোনোৱাল কছাৰী জনগোষ্ঠীৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ লগতে পৰিষদখনৰ স্বাভাৱিক গণতান্ত্ৰিক প্ৰক্ৰিয়া পুনৰ বাহাল ৰখাৰ স্বাৰ্থত অতি শীঘ্ৰে নিৰ্বাচনৰ দিন ঘোষণা কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাইছে জনগোষ্ঠীয় সংগঠন টোৰ কেন্দ্ৰীয় নেতৃত্বই। ডিব্ৰুগড়ত কেইবাখনো জিলাৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় বিষয় বৰ্গ উপস্থিতিত এক বৈঠকত মিলিত হৈ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *