লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ সময়োচিত পদক্ষেপত জীৱন ৰক্ষা
বিষাক্ত সৰ্প দংশনত গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তান সুৰক্ষিত
চাইন অন ডেস্ক,১২ছেপ্টেম্বৰ:
ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ সু-সংগঠিত জৰুৰীকালীন ব্যৱস্থাপনা আৰু কাৰ্যকৰী ক্লিনিকেল হস্তক্ষেপৰ আন এক নিদৰ্শন স্বৰূপে লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীৰ দলে বিষাক্ত সৰ্প দংশনৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাৰ সম্ভাব্য মৃত্যু প্ৰতিৰোধ কৰি দুটা জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, ঔফুলীয়া চাৰিআলিৰ ২৮ বছৰীয়া জোৎস্না তাঁতী নামৰ এগৰাকী এমাহৰ গৰ্ভৱতী মহিলা যোৱা ৭ ছেপ্টেম্বৰৰ মাজ নিশা নিজ বাসগৃহত বিষাক্ত সৰ্প দংশনত আক্ৰান্ত হয়। পৰিয়ালৰ তৎপৰতাত তেওঁক ততাতৈয়াকৈ জিলাৰ লেঙেৰী মডেল হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাপ্ত তথ্য অনুসৰি, ভৰ্তিৰ সময়ত মুখৰ পৰা ফেন ওলোৱা, তীব্ৰ হৃদস্পন্দন 
এনে অতি জটিল আৰু দ্বৈত জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখত মডেল হাস্পতালৰ কৰ্তব্যৰত চিকিৎসক ডাঃ অবিনাশ গগৈৰ নেতৃত্বত চিকিৎসালয়খনৰ স্বাস্থ্য কৰ্মীৰ দল আৰু কৰ্তব্যৰত নাৰ্ছ পূজা গণ্ডিয়াই উচ্চ পেছাদাৰিত্ব, ক্লিনিকেল দক্ষতাৰ পৰিচয় দাঙি ধৰে। কোনো সময় নষ্ট নকৰাকৈ তৎক্ষণাত প্ৰট’কল অনুসৰি ৰক্তৰ নমুনা সংগ্ৰহ আৰু জীৱনৰক্ষাকাৰী এণ্টি স্নেক ভেনম (ASV) প্ৰয়োগ কৰা হয়। উল্লেখযোগ্য যে ASV প্ৰয়োগৰ মাত্ৰ ৫-১০ মিনিটৰ ভিতৰতে ৰোগীগৰাকীৰ শাৰীৰিক অৱস্থাৰ উন্নতি পৰিলক্ষিত হয়, যি চিকিৎসা কৰ্মী সকলৰ দ্ৰুত সিদ্ধান্ত গ্ৰহণ ক্ষমতা আৰু তৎপৰতাক প্ৰতিফলিত কৰে।আক্ৰান্ত মহিলা গৰাকীক চিকিৎসাৰ পিছত হাস্পতালত নিৰীক্ষণৰ বাবে ৰখা হয় আৰু সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত কালি তেওঁক ছুটী দিয়া হয় বুলি লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্ত্তৃপক্ষই জানিবলৈ দিছে।
উল্লেখযোগ্য যে, এই ঘটনাৰ তাৎপৰ্য কেৱল বিষাক্ত সৰ্প দংশনৰ চিকিৎসাত সীমাবদ্ধ নহয়। স্বাস্থ্য কৰ্মীৰ
সময়োচিত হস্তক্ষেপৰ অৱিহনে, এগৰাকী মহিলাৰ মৃত্যুৰ লগতে এটা নতুন জীৱন পৃথিৱীৰ পোহৰ দেখাৰ পূৰ্বেই হেৰাই গ’লহেঁতেন।সৰ্প দংশনত আক্ৰান্তক চিকিৎসালয়লৈ সময়োচিত
ডিব্ৰুগড় জিলাত সৰ্বমুঠ ১২ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান যেনে – অসম চিকিৎস্যা মহাবিদ্যালয়,বৰবৰুৱা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ , জকাই আদর্শ চিকৎস্যালয় , লেজাই কলাখোৱা আদর্শ চিকিৎসালয়, লেঙেৰী আদর্শ চিকিৎস্যালয়, মৰাণ তিলৈ চি এইচ চি, নাহৰকটীয়া সম-জিলা চিকিৎসালয়, নাহৰণি চি এইচ চি ,ৰাজগড় চি এইচ চি , লাহোৱাল খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র , চাবুৱা আদর্শ চিকিৎসালয় আৰু টেঙাখাত আদর্শ চিকিৎসালয়ত সৰ্পদংশনৰ ফলপ্ৰসূ আৰু জীৱনৰক্ষাকাৰী চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ।