ডন বস্কোৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহননৰ প্ৰচেষ্টা নে আন কিবা ?
ডন বস্কো স্কুলৰ সপ্তম শ্ৰেণীৰ ১২ ছাত্ৰ-ছাত্ৰীয়ে শ্বাৰ্পনাৰ ব্লেডেৰে হাতত আঘাত
ডিব্ৰুগড় জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ
চাইন অন ডেস্ক,১২ছেপ্টেম্বৰ:
ধেমালিও কেতিয়াবা মৃত্যুৰ কাৰক হব পাৰে নি ? পুনৰ শিৰোনামাত ডিব্ৰুগড়ৰ ডন বস্কো স্কুল।এইবাৰ ৰেগিং বা মাৰপিটৰ ঘটনা নহয়।যি ঘটনা সংঘটিত হৈছে, শুনিলে আপোনাৰো বুকু কঁপি উঠিব।
একবিংশ শতিকাতো এনে কাৰ্য সংঘটিত যে হব পাৰে,হয়তো সেয়া কল্পনাৰো অতীত।এজন-দুজন নহয় মুঠ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ যেন এক অলৌকিক কাণ্ড ! সমূহীয়াভাৱে নিজকে নিজেই আক্ৰমণ ?
তথ্য অনুসৰি ডিব্ৰুগড়ৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে শ্ৰেণী বিৰতিৰ সময়ত পেঞ্চিল শ্বাৰ্পনাৰৰ পৰা ব্লেড উলিয়াই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰই হাতত সামান্য কাটি লোৱাৰ পিছতেই যেন সমগ্ৰ ক্লাছৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে উক্ত ছাত্ৰৰ নিৰ্দেশ মৰ্মে নিজ হিতাহিত জ্ঞান হেৰুৱাই তেওঁলোকেও শ্বাৰ্পনাৰৰ পৰা ব্লেড উলিয়াই নিজৰ হাতত কাটিবলৈ ধৰে।
আঘাতসমূহ সামান্য আছিল আৰু কোনো গুৰুতৰ আঘাত হোৱা নাছিল যদিও অলপ ৰক্তক্ষৰণ হৈছিল।বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আঠগৰাকীক টিটেনাছৰ বেজী দিয়া হৈছে আৰু বাকীসকলকো প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।
ঘটনাৰ পাছত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে শুক্ৰবাৰে বিদ্যালয়খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।আয়ুক্তৰ কাৰ্যালয়ৰ পৰা বিষয়টো পৰ্যবেক্ষণ আৰু তদন্তৰ বাবে বিষয়া বিদ্যালয়খনত উপস্থিত হয়। লগতে স্বাস্থ্য বিভাগৰ বিষয়া, অতিৰিক্ত আয়ুক্তৰ লগতে এম্বুলেন্সো বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
সংশ্লিষ্ট কৰ্তৃপক্ষই বিদ্যালয়ত উপস্থিত হৈ ঘটনাটোৰ কাৰণ, ছাত্ৰসকলৰ আচৰণ আৰু সামগ্ৰিক পৰিস্থিতিৰ সবিশেষ অনুসন্ধান কৰে।আনহাতে ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাইও বিদ্যালয়খন পৰিদৰ্শন কৰে।জিলা প্ৰশাসনে শুক্ৰবাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকক ঘটনাটোৰ সন্দৰ্ভত এক বিস্তৃত তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। ডিব্ৰুগড়ৰ মহকুমাধিপতি (সদৰ) সমুজ্জ্বল বৰাই জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ পৰা লাভ কৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত যোৱা ১০ ছেপ্তেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, সংঘটিত ঘটনাৰ সৈতে জড়িত হৈ সপ্তম শ্ৰেণীৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাক ঘটনাটোৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে এক বিস্তৃত তদন্ত চলোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
নিৰ্দেশটোত লগতে কবিতা ডেকাক ঘটনাটোৰ সৈতে জড়িত ‘সকলো প্ৰাসংগিক তথ্য আৰু পৰিস্থিতি’ পৰীক্ষা কৰি নিৰ্দেশ লাভ কৰাৰ তাৰিখৰ পৰা সাত দিনৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত এক সম্পূৰ্ণ আৰু বিস্তৃত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।তদন্তৰ সময়ছোৱাত ডিব্ৰুগড়ৰ জিলা শিশু সুৰক্ষা বিষয়াক বিদ্যালয়সমূহৰ পৰিদৰ্শকক প্ৰয়োজনীয় সহায় আৰু 
ইফালে ঘটনাৰ সন্দৰ্ভত ব্লেডৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱা এগৰাকী ছাত্ৰীৰ অভিভাৱকে আজি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰথমে এজন ছাত্ৰই নিজৰ হাত, ব্লেডেৰে কাটি লৈছিল।তাৰ মানে আত্মহত্যাৰ প্ৰচেষ্টা ? তাৰ পিছত ক্লাছৰ অনান্য ছাত্ৰ-ছাত্ৰীক তেনেদৰে কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।যাৰ ফলত প্ৰায় ৩০ গৰাকীমান ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।যদিও বহু অভিভাৱকে ঘটনাৰ বিষয়ত একো ক’ব বিছৰা নাই।সেয়ে সঠিককৈ হিচাপটো ক’ব নোৱাৰিম বুলি অভিভাৱক গৰাকীয়ে সদৰী কৰি কয় যে এয়া এক মাৰাত্মক কথা, হাত কাটি লোৱা মানেই আত্মহত্যাৰ প্ৰচেষ্টা আৰু সেই কাম কৰিবলৈ সকলোকে উদগনি দিয়াটো কিমান ভয়ংকৰ হব পাৰে ? তেওঁ পুনৰাই কয় যে প্ৰথমে বিদ্যালয়ৰ অধ্যক্ষই অলপো গুৰুত্ব দিয়া নাছিল।পিছত আমি সকলোৱেই সকিয়াই দিয়াতহে অলপ শিথিল হল। অতি সম্প্ৰতি ঘটনাটোৱে সমগ্ৰ জিলাতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।আনহাতে,
ঘটনাটোৱে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাধাৰণতে ব্যৱহৃত সামগ্ৰীৰ সৈতে জড়িত সম্ভাব্য বিপদ সম্পৰ্কে সজাগতা বৃদ্ধি আৰু শ্ৰেণী বিৰতিৰ সময়ত অধিক তদাৰকীৰ প্ৰয়োজনীয়তাৰ বিষয়টোও উত্থাপন কৰিছে।ঘটনাটোৱে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক সুস্থতা, পৰ্যাপ্ত তদাৰকী আৰু এনে আচৰণৰ ক্ষেত্ৰত সময়মতে পৰামৰ্শ প্ৰদানত গুৰুত্ব আৰোপ নকৰাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰকৃততে এই ভয়ংকৰ ঘটনা কিয় হবলৈ পালে,সেয়াও প্ৰকৃত তদন্তৰ পিছতহে জানিব পৰা যাব।