...

“জাহাজৰ মালিকীস্বত্ব, লীজিং আৰু সামুদ্রিক বিত্তীয় ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতে অগ্ৰসৰ হৈছে”: সৰ্বানন্দ সোণোৱাল

“জাহাজৰ মালিকীস্বত্ব, লীজিং আৰু সামুদ্রিক বিত্তীয় ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতে অগ্ৰসৰ হৈছে”: সৰ্বানন্দ সোণোৱাল

 ভাৰতৰ সামুদ্রিক বিত্তীয় উচ্চাকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ সক্ষম মঞ্চ হিচাপে সুসজ্জিত গিফ্ট চিটি
 
গিফ্ট চিটিৰ আই এফ এছ চিত অনুষ্ঠিত ‘ইণ্ডিয়া শিপ লীজিং এণ্ড ফাইনেন্সিং ছামিট’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বোধন

চাইন অন ডেস্ক,১১ছেপ্তেম্বৰ:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি গান্ধীনগৰৰ গিফ্ট চিটি ক্লাবত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (IFSCA)
 আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ (MoPSW) যুটীয়া উদ্যোগত অনুষ্ঠিত “ ইণ্ডিয়া শ্বিপ লীজিং এণ্ড ফাইনেন্সিং ছামিট'ত মুখ্য অতিথি 
হিচাপে অংশগ্ৰহণ কৰে৷ এই সন্মিলনত নীতি-নিৰ্ধাৰক, জাহাজৰ মালিক, লীজদাতা, চাৰ্টাৰাৰ, বিত্তীয় প্রতিষ্ঠান তথা সামুদ্রিক খণ্ডৰ বিভিন্ন অংশীদাৰে অংশগ্ৰহণ 
কৰি ভাৰতত জাহাজৰ মালিকীস্বত্ব, লীজিং আৰু বিত্তীয় ব্যৱস্থাৰ এক সুসংহত পৰিৱেশ গঢ়ি তোলাৰ লগতে গিফ্ট চিটিক এই লক্ষ্য পূৰণৰ এক সক্ষম মঞ্চ হিচাপে
গঢ়ি তোলাৰ বিভিন্ন দিশত আলোচনা কৰে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত গুজৰাটৰ গণপত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ‘ৰাষ্ট্ৰীয় সামুদ্রিক ক্রীড়া 2027’-ৰ ব্ৰ’চাৰো উন্মোচন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে ভাৰতৰ গৌৰৱময় সামুদ্রিক ঐতিহ্যৰ কথা 
উল্লেখ কৰি কয় যে ভাৰতৰ সামুদ্রিক পৰম্পৰাৰ শিপা সিন্ধু উপত্যকা সভ্যতাৰ সময়লৈকে বিস্তৃত। গুজৰাটৰ প্ৰাচীন লোথাল বন্দৰ ভাৰতৰ প্ৰাচীন সামুদ্রিক বাণিজ্যৰ 
এক উল্লেখযোগ্য নিদর্শন বুলি উল্লেখ কৰি তেওঁ কয়, “আজিৰ এই সমাৱেশ ভাৰত আৰু বিশেষকৈ গিফ্ট চিটিক এক বিস্তৃত সামুদ্রিক মূল্য শৃংখলাৰ বিশ্বব্যাপী কেন্দ্ৰ
হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ সামূহিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। জাহাজ লীজিং, মালিকীস্বত্ব, বিত্তীয় সাহায্য, বীমা, ব্র’কাৰিং আৰু অন্যান্য আনুষংগিক 
সেৱাক সামৰি এক শক্তিশালী সামুদ্রিক পৰিৱেশ গঢ়ি তোলাই আমাৰ লক্ষ্য।”
সোণোৱালে কয় যে ভাৰতৰ জাহাজ বহৰৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি পাইছে। বর্তমান ৩৮টা জাহাজ লীজিং প্রতিষ্ঠান পঞ্জীয়নভুক্ত হৈছে আৰু এই প্রতিষ্ঠানসমূহে 
মুঠ ৪৩খন জাহাজ  লীজত দিছে৷ ইয়াৰ ফলত মুঠ লীজিং ক্ষমতাই ২.৯৯ মিলিয়ন ডেডৱেইট টন (DWT) অতিক্ৰম কৰিছে৷ ইয়াৰে ২৪খন জাহাজে ভাৰতীয় পতাকা 
বহন কৰিছে। তেওঁ লগতে কয় যে ৪১টা দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বেংকে আই এফ এছ চিত নিজৰ উপস্থিতি মজবুত কৰিছে আৰু জাহাজ লীজিং প্রতিষ্ঠানসমূহক
 প্রায় ৬০.১ মিলিয়ন  মার্কিন ডলাৰৰ বিত্তীয় সাহায্য আগবঢ়াইছে। গিফ্ট চিটিত ডিজিএমএৰ প্ৰথমটো আঞ্চলিক কার্যালয়ৰ স্থাপনে জাহাজৰ মালিক আৰু পৰিচালকসকলৰ 
বাবে এই সামুদ্রিক  পৰিৱেশ অধিক শক্তিশালী কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ ভাৰতীয় জাহাজ পৰিবহণ খণ্ডক বিশ্বমানৰ প্ৰতিযোগিতাৰ বাবে অধিক সক্ষম কৰি
 তোলাৰ উদ্দেশ্যে গ্ৰহণ  কৰা বিভিন্ন সংস্কাৰৰ কথাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত ২০২৫ চনৰ উপকূলীয় জাহাজ পৰিবহণ আইনৰ অধীনত
 চাৰ্টাৰত চলা বিদেশী জাহাজৰ বাবে লাইচেন্সৰ প্ৰয়োজনীয়তা ৰেহাই দিয়া আৰু গিফ্ট আই এফ এছ চি ভিত্তিক জাহাজ পৰিবহণ কোম্পানীসমূহক বিদেশী পতাকাবাহী 
জাহাজৰ মালিকীস্বত্ব লাভৰ অনুমতি প্ৰদান কৰাটো অন্যতম। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামুদ্রিক খণ্ডৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা বিত্তীয় পদক্ষেপসমূহৰ কথাও 
উল্লেখ কৰে। ২৫,০০০ কোটি টকাৰ সামুদ্রিক উন্নয়ন পুঁজিয়ে ২০৩০ চনৰ ভিতৰত ১.৫ লাখ কোটি টকা পর্যন্ত বিনিয়োগ আকর্ষণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।
ইয়াৰ উপৰি জাহাজ নির্মাণ বিত্তীয় সাহায্য আঁচনি (SBFAS) ২.০-ৰ সংশোধিত ব্যয় ২৪,৭৩৬ কোটি টকালৈ বৃদ্ধি কৰি ২০৩৬ চনলৈ সম্প্ৰসাৰিত কৰা হৈছে। 
এই পদক্ষেপসমূহৰ মূল লক্ষ্য হৈছে ভাৰতীয় জাহাজ নির্মাণ প্রতিষ্ঠানসমূহক শক্তিশালী কৰাৰ লগতে দেশত জাহাজৰ মালিকীস্বত্ব বৃদ্ধি
কৰা ।
সোণোৱালে কয় যে এই সমগ্র অগ্রগতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু সামুদ্রিক খণ্ডৰ বাবে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী নীতিৰ ফল। সামুদ্রিক
 ইণ্ডিয়া ভিজন ২০৩০ আৰু সামুদ্রিক অমৃত কাল ভিজন ২০৪৭-এ ভাৰতৰ জাহাজ বহৰৰ সম্প্ৰসাৰণ, বন্দৰৰ সক্ষমতা বৃদ্ধি, উপকূলীয় জাহাজ পৰিবহণ 
শক্তিশালী কৰা আৰু ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণকাৰী দেশৰ ভিতৰত স্থান দিয়াৰ বাবে এক সুস্পষ্ট ৰ'ডমেপ প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে৷
তেওঁ লগতে কয় যে ভাৰতে ইতিমধ্যে বিশ্বৰ সৰ্ববৃহৎ জাহাজ পুনঃব্যৱহাৰ তথা জাহাজ পুনর্নির্মাণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্বব্যাপী জাহাজৰ টনেজৰ
 ক্ষেত্ৰত ভাৰতৰ অংশ 2024 চনৰ 30.1 শতাংশৰ পৰা ২০২৫ চনত ৩৫.৪ শতাংশলৈ বৃদ্ধি পাইছে। অনুষ্ঠানত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ 
সচিব বিজয়কুমাৰ, আই এফ এছ চি এৰ অধ্যক্ষ কে. ৰাজাৰামন আৰু গুজৰাট চৰকাৰৰ বন্দৰ আৰু পৰিবহণ বিভাগৰ প্ৰধান সচিব হৰীত শুক্লাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *