চাফাই কৰ্মচাৰীসকলৰ সমস্যা তথা অভাৱ-অভিযোগসমূহ বুজ ল’লে অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাচফ’ৰে৷ দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা বৈজনাথ বাচফৰে জিলাখনৰ বিভিন্ন প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে চাফাই কৰ্মচাৰীসকলৰ কাষ চাপি তেওঁলোকৰ কাম কৰাৰ পৰিৱেশ, মজুৰি, সামাজিক সুৰক্ষা আৰু আৱাসিক সমস্যাৰ বুজ লয়। ভ্ৰমণৰ আৰম্ভণিতে অধ্যক্ষ বাচফৰে অসম চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ বাকী থকা দৰমহা ১৫ দিনৰ ভিতৰতে পৰিশোধ কৰিবলৈ কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি ন্যূনতম মজুৰি, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, নিযুক্তি পত্ৰ আৰু দৰমহাৰ স্লিপ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভ্ৰমণ কালত তেওঁ ডিব্ৰুগড় পৌৰ নিগমৰ কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হোৱা কৰ্মচাৰী শ্বহিদুল হকক সাক্ষাৎ কৰি তেৰোঁৰ স্বাস্থ্যৰ খবৰ লয়। আনহাতে, গ্ৰাহামবজাৰ হৰিজন ক’লনী পৰিদৰ্শন কৰি তেওঁ স্থানীয় বাসিন্দাৰ সমস্যাৰ বুজ লয় আৰু তেওঁলোকক মৰ্যাদাপূর্ণ আৱাস প্ৰদানৰ বাবে বহুমহলীয়া আৱাসিক গৃহ নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। তদুপৰি, ভূমিহীন চাফাই কৰ্মচাৰীসকলক কল’নীভিত্তিক ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিবলৈও তেওঁ নির্দেশ প্ৰদান কৰে। পৌৰ নিগমৰ সভাকক্ষত অনুষ্ঠিত বিশেষ বৈঠকে কৰ্মচাৰীসকলৰ ইএছআইচি, পিএফ, সুৰক্ষা সঁজুলি আৰু ত্ৰৈমাসিক স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰাৰ ওপৰত জোৰ দিয়ে। বিভাগীয় মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকত মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ অভিযোগ নিবাৰণ সমিতি গঠনৰ নিৰ্দেশনা জাৰি কৰা হয়। ইফালে পৰিদৰ্শনৰ পাছতে আজি পৌৰনিগমৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদমেলত বৈজনাথ বাচফৰে চাফাই কৰ্মচাৰীসকলৰ শেহতীয়া দূৰৱস্থা দেখি উদ্বেগ প্ৰকাশ কৰাৰ লগতে নূন্যতম মজুৰীত কাম কৰিবলগীয়া পৰিস্থিতিৰ কথা সদৰি কৰে৷ শীঘ্ৰে এই সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাচফৰে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.