ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত
বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস
চাইন অন ডেস্ক,১০ ছেপ্টেম্বৰ:

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তৃষ্ণা বৰাই এক অন্তৰ্দৃষ্টিসম্পন্ন আৰু প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেওঁ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সম-মৰ্যাদা প্ৰদান কৰাৰ অপৰিহাৰ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মহত্যাৰ দৰে এক জটিল সামাজিক-মনস্তাত্ত্বিক প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে।

জিলা মিডিয়া বিশেষজ্ঞ ডেইজী গগৈয়ে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য সেৱা Tele-MANAS ৰ বিষয়ে উপস্থিত সকলোকে বিশদভাৱে অৱগত কৰে। তেওঁ Tele-MANAS সেৱাৰ সুবিধা, উপকাৰিতা আৰু গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয় যে টোল-ফ্ৰী নম্বৰ ১৪৪১৬ বা ১-৮০০-৯১-৪৪১৬ ত ফোন কৰি যিকোনো ব্যক্তিয়ে ২৪ ঘণ্টাই, বছৰৰ ৩৬৫ দিনে, বিশটাতকৈ অধিক ভাষাত সম্পূৰ্ণ বিনামূলীয়া 
ইয়াৰ উপৰিও, জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ পৰামৰ্শ দাতা য়াছমিন চুলতানাই জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ সামগ্ৰিক কাৰ্যকলাপ, জিলাখনত উপলব্ধ মানসিক স্বাস্থ্য সেৱাসমূহ আৰু ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে এক চমু অৱতাৰণা আগবঢ়ায় আৰু চিকিৎসাযোগ্য মানসিক ৰোগৰ ক্ষেত্ৰত প্ৰাৰম্ভিক চিকিৎসাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।
