ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘Towards the Future of Pedagogy’ শীৰ্ষক CEC-EMRC সন্মিলন আৰম্ভ
চাইন অন ডেস্ক,১২ছেপ্টেম্বৰ:
উচ্চ শিক্ষাত শিক্ষাদান পদ্ধতিৰ ভৱিষ্যৎ সন্দৰ্ভত ‘Towards the Future of Pedagogy’ শীৰ্ষক দুদিনীয়া সন্মিলন এখন কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সন্মিলন কক্ষত আৰম্ভ হয়। নতুন দিল্লীস্থিত Consortium for Educational Communication (CEC)-ৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Educational Multimedia Research Centre (EMRC)-ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনখন ১১ আৰু ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছে। সন্মিলনৰ মূল বিষয় হৈছে “Towards the Future of Pedagogy in Higher Education in India”।
উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকা, নতুন দিল্লীৰ CEC-ৰ সঞ্চালক প্ৰধ্যাপক পৰীক্ষিত সিং মানহাছ আৰু গুৱাহাটীৰ Royal Global University-ৰ উপাচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰাধ্যাপক অলক কে. বুঢ়াগোহাঁই উপস্থিত থাকে। দেশৰ বিভিন্ন প্ৰান্তৰ EMRC-সমূহৰ সঞ্চালকসকলো সন্মিলনখনত অংশগ্ৰহণ কৰিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাধ্যাপক জিতেন হাজৰিকাই প্ৰযুক্তিগত উন্নয়নক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে শিক্ষাৰ মানৱীয় দিশটো অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “ভৱিষ্যতৰ শিক্ষাদান পদ্ধতি শিক্ষকৰ তুলনাত যন্ত্ৰক অধিক প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ প্ৰতিযোগিতা নহয়; বৰং প্ৰযুক্তিতকৈ শিক্ষাক অধিক মানৱীয় কৰি তোলাৰ প্ৰতিযোগিতা।”
তেওঁ শিক্ষাবিদসকলৰ মাজত শিক্ষাদান-পদ্ধতিগত, ডিজিটেল, কৃত্ৰিম বুদ্ধিমত্তা, শৈক্ষিক, মূল্যায়ন আৰু নৈতিক সাক্ষৰতাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। বৰ্তমান পৰিস্থিতিত বিশেষকৈ নৈতিক সাক্ষৰতাৰ গুৰুত্ব অধিক বুলি তেওঁ মত প্ৰকাশ কৰে।
CEC-ৰ সঞ্চালক প্ৰাধ্যাপক পৰীক্ষিত সিং মানহাছে প্ৰযুক্তিৰ আঁৰত থকা মানৱীয় সত্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “গুৰুত্ব যন্ত্ৰটোৰ ওপৰত নহয়; যন্ত্ৰটোৰ আঁৰত থকা মানুহজনৰ ওপৰতহে।” লগতে শিক্ষাবিদসকলে প্ৰযুক্তিগত সঁজুলিসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰি সেইবোৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, যাতে প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰিব পৰা যায় বুলি তেওঁ মন্তব্য কৰে।
ডিজিটেল শিক্ষাদান পদ্ধতি সন্দৰ্ভত ভাষণ প্ৰদান কৰি Royal Global University-ৰ উপাচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰাধ্যাপক অলক কে. বুঢ়াগোহাঁইয়ে কয়, “ডিজিটেল শিক্ষাদান পদ্ধতিয়ে জীৱন সহজ কৰি তুলিছে!” তেওঁ লগতে বৌদ্ধিক নম্ৰতা (intellectual humility)ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, “বৌদ্ধিক নম্ৰতা অবিহনে একোৱেই সম্ভৱ নহয়, একোৱেই স্থায়ী নহয়।”
উদ্বোধনী অনুষ্ঠানৰ সামৰণিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অধ্যাপক প্ৰণমিতা দাসে শলাগৰ শৰাই আগবঢ়ায়। তেওঁ সন্মিলনখনত উপস্থিত থাকি ইয়াক সফল কৰি তোলাৰ বাবে বিশিষ্ট অতিথি, বক্তা, আয়োজক আৰু অংশগ্ৰহণকাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।উদ্বোধনী অনুষ্ঠানৰ পিছতে সন্মিলনৰ শৈক্ষিক কাৰ্যসূচী আৰম্ভ হয়। প্ৰথম পূৰ্ণাংগ বক্তৃতা (Plenary Lecture–1) প্ৰদান কৰে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অশেষ গুপ্তাই।প্ৰথম কাৰিকৰী অধিৱেশনখনৰ সভাপতিত্ব কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ School of Management Studies-ৰ ডীন অধ্যাপক শুভ্ৰাংশু শেখৰ সৰকাৰে। ইয়াৰ পিছতে অনুষ্ঠিত দ্বিতীয় কাৰিকৰী অধিৱেশনখনৰ সভাপতিত্ব কৰে Osmania University-ৰ EMRC-ৰ সঞ্চালক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Suikafa Chair-ৰ Chair-Professor পি. ৰঘুপতিয়ে।
এই সন্মিলনে সমগ্ৰ দেশৰ শিক্ষাবিদ আৰু বিভিন্ন EMRC-ৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তিত পৰিৱেশ আৰু ভাৰতত উচ্চ শিক্ষাৰ ভৱিষ্যৎ সন্দৰ্ভত আলোচনা আৰু মত-বিনিময়ৰ এক মঞ্চ প্ৰদান কৰিছে।
দুদিনীয়া সন্মিলনখনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ১২ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব। সেইদিনা সন্মিলনৰ মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি অধিক শৈক্ষিক আলোচনা, মত-বিনিময় আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।