...

হালাকুৰা মহাবিদ্যালয়ৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

হালাকুৰা মহাবিদ্যালয়ৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

নৱাগত আদৰণি সভাত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ

আগমনি,১২ছেপ্টেম্বৰ:

ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান হালাকুৰা মহাবিদ্যালয়ত যোৱাকালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভাৰ আয়োজন কৰা হৈছে। যোৱাকালি প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱা ১০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ কিশোৰ ৰায়। ১১ বজাত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ইব্ৰাহিম হুছেইন শেখে। ১১.৩০ বজাত বৃক্ষৰোপণ কৰে মহাবিদ্যালয় খনৰ উপাধ্যক্ষ শশধৰ কলিতা, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰঘুৰঞ্জন বেপাৰী । দুপৰীয়া ১২ বজাত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আজি দুপৰীয়া ১২ বজাত শৈলেন্দ্ৰ কিশোৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। সভাত মন্ত্ৰীগৰাকীয়ে কয় আগন্তুক দিনত
স্থানীয় বিধায়ক হিচাপে হালাকুৰা মহাবিদ্যালয়ত বাণিজ্য শাখা আৰম্ভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে বিভিন্ন আঁচনিৰ জৰিয়তে মহাবিদ্যালয় খন উন্নয়ণৰ ক্ষেত্ৰত কাম কৰিব। প্ৰতি বছৰে প্ৰতিটো বিভাগৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰকৈ টকা প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ স্নাতক ডিগ্ৰী লাভ কৰা ১০ জনকৈ ছাত্ৰ ছাত্ৰীক ২৫ হাজাৰকৈ টকা প্ৰদান কৰিব বিধায়ক অশ্বিনী ৰায় সৰকাৰে। আনহাতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতৰ ভিতৰতে অসমৰ বকোত প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। ইতিমধ্যে ২০০ বিঘা মাটি আবণ্টন দিছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *