নগাঁৱত “বিশ্বাসৰ যাত্ৰা” কাৰ্যসূচীৰ অংশস্বৰূপে সজাগতা সভা
নাৰী সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে ১৮১হেল্পলাইন নম্বৰত যোগাযোগ
নগাঁও

“বিশ্বাসৰ যাত্ৰা” কাৰ্যসূচীৰ অংশস্বৰূপে আজি নগাঁৱত এক সজাগতা সভা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত সজাগতা সভাত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰদান কৰি মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে কয় যে অসম ৰাজ্যিক মহিলা আয়োগ হৈছে অসম চৰকাৰৰ দ্বাৰা মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ আৰু অন্যায়ৰ মুকাবিলা আৰু প্ৰতিৰোধৰ বাবে গঠন কৰা এক বিধিবদ্ধ আৰু অৰ্ধন্যায়িক সংস্থা। এই সংগঠনৰ মূল উদ্দেশ্য হৈছে,মহিলাৰ অধিকাৰ সুৰক্ষা তথা কল্যাণৰ হকে প্ৰচাৰ কৰা আৰু যিকোনো নিৰ্যাতন,হিংসা বা অধিকাৰ খৰ্ব কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা লগতে মহিলাৰ সম্পৰ্কীয় বিষয়ত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া, মহিলাৰ অধিকাৰ আৰু আইনৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। তেখেতে আৰু উল্লেখ কৰে যে এই সংস্থাই লিংগ ভিত্তিক বৈষম্য,হিংসা আৰু নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ আৰু মহিলাই সকলো খণ্ডতে সমান সুযোগ লাভ কৰাটো সুনিশ্চিত কৰিবলৈ কাম কৰে। মহিলা আয়োগক নতুনত্ব প্ৰদান কৰাৰ উদ্দেশ্যেৰে তেখেতে জিলা,সম জিলা আৰু খণ্ড পৰ্যায়ৰ মহিলা কোষ সমূহ জিলাখনত অহা ১০ দিনৰ ভিতৰত পুনৰ গঠন কৰি সক্ৰিয়তাৰে মহিলাৰ ন্যায়ৰ বাবে কৰ্ম সম্পাদন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। নাৰী সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে ১৮১ হেল্পলাইন নম্বৰ আৰু ৯৪৩৫১৯৬২৬৩ ফোন বা হোৱাটছআপ নম্বৰত সহায়ৰ বাবে যোগাযোগ কৰিবলৈ ডেকাই সকলোকে আহ্বান জনায়। আজিৰ এই সজাগতা সভাত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ,ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব অন্তৰা গগৈ,জিলা অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰা,ৰাজ্যিক মহিলা আয়োগৰ সদস্যা মামণি বৰা,জিলা আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব মুনমী নেওগ,অসম ৰাজ্যিক জীৱিকা অভিযানৰ জিলা আঁচনি প্ৰবন্ধক শংখ প্ৰবাল শ্যাণ্ডিল্য,জিলা সমাজ কল্যান বিষয়া ভোলানাথ পেগু,জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, চুপাৰভাইজাৰসকল,অংগনাবাদী কৰ্মী,আত্ম সহায়ক গোট,জীৱিকা সখী,এ.এন.এম,আশা কৰ্মী, চি.এম.পি.অ’,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,কিশোৰী সেৱীকা গোট,বাল সভা আৰু মহিলা সভাৰ সদস্যাসকলৰ লগতে গুৱাহাটীৰ পৰা বিকাশৰ যাত্ৰাত অংশগ্ৰহণ কৰা ১০গৰাকী মহিলা বাইকাৰ্ছ আৰু ৬গৰাকী পুৰুষ বাইকাৰ্ছ সকল উপস্থিত থাকে। উল্লেখ্য যে এই সজাগতা সভাৰ আৰম্ভণিৰ পূৰ্বে মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত প্ৰশাসনৰ মুৰব্বী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়
