Skip to content পাটাছাৰকুছিত প্ৰকৃতি প্ৰেমীৰ নিদৰ্শন
হাড়গিলা পোৱালি উদ্ধাৰ কৰি প্ৰতিপালন
গটাই দিলে মানস ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মীৰ হাতত
পাটাছাৰকুছি:
বজালী জিলাৰ পাটাছাৰকুছিৰ সুন্দৰপুৰৰ মৃণাল দাসৰ ঘৰৰ কাষত থকা গছ কাটি থাকোতে গছৰপৰা দূৰ্ঘটনাত দুটা প্ৰায় পৈনত হাড়গিলা ( বৰটোকোলা)ৰ পোৱালি সৰি পৰে৷যোৱা দুদিন ধৰি মৃণাল দাসৰ ল’ৰা দিগন্ত দাসৰ লগতে পৰিয়ালে পোৱালি দুটাক মাছ কিনি আনি খুওৱাই প্ৰতিপালন কৰাৰ লগতে পোহপাল দি ৰাখিছিল৷ এটা পোৱালি কিছু পৰিমানে আঘাটপ্ৰাপ্ত হোৱাৰ বাবে চিন্তিত হৈ পৰিছিল পৰিয়ালটো৷ তেওঁ লোকে স্থানীয় লোকৰ সহায় বিচাৰিছিল৷ এই ক্ষেত্ৰত পাটাছাৰকুছি বিজ্ঞান সমিতিৰ সম্পাদক মৃন্ময় শৰ্মাই কথাটো গুৰুত্বসহকাৰে লৈ
এই ক্ষেত্ৰত হাড়গিলা সুৰক্ষাৰ বাবে কাম কৰি থকা ড.পূৰ্ণিমা দেৱী বৰ্মন আৰু ৰথিন বৰ্মনৰ লগত ফোনযোগে যোগাযোগ কৰে ৷
আজি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ গাড়ী এখন লৈ জেকি ব্ৰহ্ম নামৰ কৰ্মচাৰী পাটাছাৰকুছিত উপস্থিত হৈ হাড়গিলা পোৱালী দুটা চমজি লয়৷
এনেদৰে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী জেকি ব্ৰহ্মৰ হাতত তুলি দি পৰম আনন্দ লভে পৰিয়ালটোৱে। জানিবপৰা মতে চৰাই দুটা কোকৰাঝাৰৰ চৰাইখোলাত অৱস্থিত উদ্ধাৰ শিৱিৰলৈ নিয়াৰ পিচত “ওৱাইল্ড লাইফ ভেটেৰিনেৰী চাপোৰ্ট এণ্ড ৰেচকিউ“ শিৱিৰত চিকিৎসা প্ৰদান কৰা হব৷ ইয়াৰ পিচত সুস্থ কৰি তুলি এৰি দিয়া হব৷
এনে কৰ্মত পৰিয়ালটোৰ প্ৰকৃতি প্ৰেমৰ এক নিদৰ্শন স্পষ্ট হৈ পৰাত বিভিন্নজনে প্ৰশংসা কৰে৷