...

নগাঁৱৰ উৰিয়াগাঁৱত “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখন উন্মোচন

Spread the love

নগাঁৱৰ উৰিয়াগাঁৱত “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখন উন্মোচন

নগাঁও:-

নগাঁও জিলাৰ উৰিয়াগাঁৱত শনিবাৰে বিশিষ্ট লেখক নবীন কলিতাৰ “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এখনি গ্ৰন্থ উন্মোচনী সভাত পৌৰহিত্য কৰে অস্তিত্ব সময়ৰ কবি লক্ষেশ্বৰ শৰ্মাই । সভাখনিৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰবীণ নাট্যকৰ্মী জীৱন শইকীয়াই। ইয়াৰ পিছতে লেখক নবীন কলিতাৰ “ছাঁ পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই।
গ্ৰন্থখনি উন্মোচন কৰি ভাষণ প্ৰসংগত বিশিষ্ট লেখক ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই কয় যে অসমীয়া মহাজাতিৰ আঠশবছৰীয়া ঐতিহাসিক পৰিক্ৰমাত নগাঁৱৰ গঠন আৰু ঐতিহ্যৰ আন এক স্থান আছে ৷ নগঞাই ৰজাকো পৰোৱা নকৰিছিল। সেয়ে গৌৰীনাথ সিংহৰ সময়ত নগঞা হাজৰিকা সিন্ধুৰাই ৰজাকো খেদিছিল ৷ আজিৰ দিনটোতে বাহু কৈৱৰ্ত্ত,লক্ষণ সিং ৰজা আদি নগঞা সকলে ফুলগুৰিত ধেৱা তুলি ব্ৰিটিছক হৰুৱাই দিছিল ৷ নগঞা অনিল বৰাই ভাষাৰ বাবে প্ৰাণ আহুতি দিছিল ৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নগঞাই জ্ঞান শিঙা—ৰণ শিঙা সকলোতে ফু দি আহিছে ৷ ডঃ বেজবৰুৱাই ভাষণ প্ৰসংগত “ছাঁ পোহৰত ৰজা খেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য” শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে উঠি অহা প্ৰজন্মই ইতিহাস অধ্যয়নৰ বাবে যথেষ্ট সমল লাভ কৰিব বুলি মন্তব্য কৰে। লেখক নবীন কলিতাই আঁত ধৰা সভাখনিত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰিণ্টু দাস,বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া,শিশু বন্ধু দুলাল বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক অনিল কুমাৰ শৰ্মা,অশোক ৰাম ভট্টাচাৰ্য,শোণিত বৰঠাকুৰ,প্ৰফুল্ল বৰা, অনু কোঁৱৰ সিংহ,হিৰণ্য কুমাৰ শৰ্মা, বিপুল মজিন্দাৰ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত মুকুতা ৰাজাই শিল্পী জুবিন গাৰ্গৰ গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *