ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ কেঞ্চাৰ সজাগতা সভাঃ বঁটা প্ৰদান
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত দি প্ৰিমলেণ্ড হোটেলৰ প্ৰেক্ষাগৃহত ‘প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট’ চমুকৈ ‘প্ৰতিশ্ৰুতি’ৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সজাগতা সভাৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ সদ্যমুক্তিপ্ৰাপ্ত তথ্যচিত্ৰখনৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু দুটা বিষয়ত বঁটা প্ৰদান কৰা হয়। সভাৰ আৰম্ভণিত অসমৰ অতি জনপ্ৰিয় গায়ক, জনতাৰ হৃদয়ৰ মণি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। প্ৰতিশ্ৰুতিৰ সদস্য ডাঃ প্ৰিয়াংকী আৰু সুৰজিৎ চাংমায়ে দুটি জুবিন গাৰ্গৰ কালজয়ী গীত পৰিৱেশন কৰি দৰ্শকক শোকাভিভুত কৰি তোলে।
ডাঃ গায়ত্ৰী গগৈয়ে সভাৰ প্ৰাৰম্ভণিতে সকলোকে আদৰণি জনায় আৰু দিনটোৰ কাৰ্যসূচীৰ সম্পৰ্কে সকলোকে অৱগত কৰে। কেন্সাৰ বিজয়িনী ‘প্ৰতিশ্ৰুতি’ৰ সদস্য উৎপলা শ্ৰুতিকৰ বৰুৱা, ‘প্ৰতিশ্ৰুতি’ৰ সম্পাদিকা পান্না ভড়ালী আৰু ‘প্ৰতিশ্ৰুতি’ৰ দাতা দীপা দাস প্ৰত্যেকেই কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তাক প্ৰতিহত কৰি বিজয়িনী হোৱাৰ কণ্টকময় পথৰ অভিজ্ঞতা বৰ্ণনা কৰে। ‘প্ৰতিশ্ৰুতি’য়ে ২০২৫ বৰ্ষত অধ্যাপক সত্যকাম বৰঠাকুৰ আৰু প্ৰশান্ত কুমাৰ গগৈক ‘প্ৰতিশ্ৰুতি’ৰ বছৰটোৰ দাতা-২০২৫’ ৰূপে ঘোষণা কৰি আজি এই সভাত সেই বঁটা দুয়োকে প্ৰদান কৰে। ইয়াৰ লগতে বেষ্ট চাপৰ্টিং অৰ্গেনাইজেচন ২০২৫ বঁটাৰে ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত এমজিএম হস্পিটেলক সন্মানিত কৰা হয় হস্পিটেলখনিৰ তৰফৰ ডাঃ ৰীনা আহমেদ আৰু পৰিয়ালৰ সদস্যবৃন্দই এই বঁটা গ্ৰহণ কৰে। সম্বৰ্ধনা পত্ৰসহিতে এখনিকৈ আৰনাই আৰু এটি ‘প্ৰতিশ্ৰুতি’ৰ স্মাৰক বঁটাৰে সন্মানিত কৰা হয়। দীপিকা বৰদলৈয়ে বঁটাপ্ৰাপক সত্যকাম বৰঠাকুৰ, পদুম পোনা বৰুৱাই বঁটাপ্ৰাপক প্ৰশান্ত কুমাৰ গগৈ আৰু ডাঃ দীপশিখা ঠেঙালে এমজিএম হস্পিটেল কৰ্তৃপক্ষ সম্পৰ্ক পৰিচয়সুচক আৰু কেন্সাৰৰ বিৰুদ্ধে যুঁজখনত তেওঁলোকৰ প্ৰসংশনীয় সহায় তথা বদান্যতাৰ বিষয়ে চমুকৈ উল্লেখ কৰে। তিনিওজন বঁটাপ্ৰাপকে তেওঁলোকৰ অনুভৱ চমুকৈ বৰ্ণনা কৰে। যুটীয়া সম্পাদক ৱাজিৰ বিন কুটুবে উপশমী সেৱা সম্পৰ্কে বাখ্যা কৰে আৰু কেন্সাৰ চিকিৎসাত ইয়াৰ অপৰিহাৰ্যতাৰ বিষয়ে বুজাই কয়। সভাৰ মুখ্য অতিথিৰ ভাষণত বিশিষ্ট লেখিকা ড০ ভাৰতী দত্তই ‘প্ৰতিশ্ৰুতি’য়ে সমাজখনত কেন্সাৰৰ বিৰুদ্ধে লোৱা ভুমিকাৰ ভূয়সী প্ৰশংসা কৰে। সজাগতা সভা অনুষ্ঠিতকৰণ, কেন্সাৰ ৰোগী তথা পৰিয়ালক কায়িক, মানসিক তথা আৰ্থিক সহায় প্ৰদান, উপশমী সেৱা প্ৰদান আৰু সদৌ অসমজুৰি আৰম্ভ কৰা এইচপিভি ভেকচিন প্ৰদান কৰা আদি সমাজৰ অতিশয় হিতকাৰী কৰ্ম কৰি যাবলৈ ‘প্ৰতিশ্ৰুতি’ক সকলোৱে সকলোধৰণে সহায় সহযোগিতা আগবঢ়াবৰ বাবে তেখেতে আহ্বান জনায়। ‘প্ৰতিশ্ৰুতি’ৰ উপ-সভাপতি দীপালি শইকীয়াই ‘প্ৰতিশ্ৰুতি’ৰ বিভিন্ন কৰ্মৰাজি আৰু কৰ্ম পদ্ধতিৰ বিষয়ে সভাক অৱগত কৰে। দীপিকা বৰদলৈয়ে শলাগ জ্ঞাপন কৰা সভাখনি অস্মিতা কলিতা আৰু ডাঃ দীপশিখা ঠেঙালে সুন্দৰকৈ আঁতধৰি পৰিচালনা কৰে।