...

জুবিন গাৰ্গক লৈ ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত

Spread the love

 

 

জুবিন গাৰ্গক লৈ ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত

 

 

ৰাজ্য চৰকাৰৰ সকলোবিলাক পূর্ব নির্ধাৰিত কাৰ্যসূচী সাময়িকভাৱে বাতিল

 

চাইন অন ডেস্ক:

জুবিন গাৰ্গৰ গুণমুগ্ধসকলে শেষ দৰ্শন কৰাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২২ ছেপ্টেম্বৰ ২০২৫লৈ সৰুসজাই ষ্টেডিয়ামত শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰখাৰ ব্যৱস্থা।

শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠিত হ’ব ২৩ ছেপ্টেম্বৰত।

জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে আলোচনাৰ অন্তত কামৰূপ (ম)ৰ কমাৰকুছি গাঁৱৰ হাতীমূৰাৰ প্ৰায় ১০ বিঘা ভূমিত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰি সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব।

যোৰহাটবাসীৰ অনুৰোধ তথা জুবিন গাৰ্গ আৰু যোৰহাটৰ সম্পৰ্কক সম্মান জনাই শিল্পীগৰাকীৰ চিতাভস্ম যোৰহাটলৈ লৈ যোৱা হ’ব আৰু তাতো এক সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব।

ৰাজ্য চৰকাৰৰ সকলোবিলাক পূর্ব নির্ধাৰিত কাৰ্যসূচী সাময়িকভাৱে বাতিল। অনুষ্ঠিতব্য নতুন তাৰিখ সম্পৰ্কত পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব।

জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰুসজাই ষ্টেডিয়ামত থকা কালত ভি আই পি সংস্কৃতি সৃষ্টি নকৰিবলৈ মুখ্য সচিবৰ জৰিয়তে কঠোৰ নিৰ্দেশনা প্রদান। কোনোৱে শেষ দৰ্শন কৰিব বিচাৰিলে সাধাৰণ ব্যৱস্থা মানিয়েই যাব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *