Skip to content খিতাপ যুঁজত হাৰিল ডিফেন্ডিং চেম্পিয়ন ছিনাৰ: ট্রাম্পৰ বাবে পিছুৱালে মেচ
ইউএছ অ’পেনত শ্রেষ্ঠত্ব অর্জন আলকাৰাজৰ
নিউয়র্ক :
দ্বিতীয়বাৰৰ বাবে ইউএছ অ’পেনৰ খিতাপ জয় কৰিলে স্পেইনৰ তাৰকা খেলুৱৈ কার্লোছ আলকাৰাজে। দেওবাৰে অনুষ্ঠিত গ্রেণ্ডশ্লামখনৰ ফাইনেল মেচখন কোনো নাটকীয় নাছিল। বৰং ই আছিল দুগৰাকী যুৱ, শীর্ষস্থানৰ প্ৰতিদ্বন্দ্বী ক্ৰমে কার্লোছ আলকাৰাজ আৰু য়ানিক ছিনাৰৰ মাজত অনুষ্ঠিত এখন শক্তিশালী মেচ। গ্ৰেণ্ডশ্লামখনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত ডিফেন্ডিং চেম্পিয়ন তথা শীর্ষ বাছনিৰ য়ানিক ছিনাৰক পৰাস্ত কৰি আলকাৰাজে তিনি বছৰৰ পাছত পুনৰ গ্ৰেণ্ডশ্লামখনৰ খিতাপ অর্জন কৰে।
দেওবাৰে নিশা অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত দ্বিতীয় বাছনিৰ ২২ বছৰীয়া আলকাৰাজে ইটালীৰ ছিনাৰক দুঘণ্টা ৪২ মিনিটৰ যুঁজৰ অন্তত ৬-২, ৩-৬, ৬-১, ৬-৪ ছেটত পৰাস্ত কৰে। কেৰিয়াৰৰ ষষ্ঠটো গ্ৰেণ্ডশ্লাম জয়লাভ কৰি বিয়ন বৰ্গৰ পিছৰ দ্বিতীয়গৰাকী কনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয় আলকাৰাজ। গ্ৰেণ্ডশ্লামখনৰ
খিতাপ জয় কৰি আলকাৰাজে এটিপি ৰেংকিঙৰ শীর্ষস্থান দখল কৰে। একেটা ছিজনতে একেৰাহে তিনিখন গ্রেণ্ডশ্লামৰ ফাইনেলত মুখামুখি হোৱা এই ক্রীড়াৰ ইতিহাসৰ প্ৰথম দুগৰাকী খেলুৱৈ হিচাপে পৰিণত হয় কার্লোছ আলকাৰাজ আৰু য়ানিক ছিনাৰ।
মেচখন প্রায় আধাঘণ্টা পলমকৈ আৰম্ভ হোৱাত অতিৰিক্ত নিৰাপত্তাৰ মাজত আৰ্থাৰ এছ ষ্টেডিয়ামৰ বাহিৰত আবদ্ধ হৈ পৰে হাজাৰ হাজাৰ অনুৰাগী। কাৰণ সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প গেলেৰীত দৰ্শকৰ শাৰীত বহি আছিল। বিগত সময়ত ডাঙৰ প্ৰতিযোগিতাৰ ২৭খন হার্ড ক’ৰ্ট মেচত জয়লাভ কৰা ছিনাৰ আৰু আলকাৰাজে দেওবাৰে উন্নত প্রদর্শন দাঙি ধৰিছিল। দুয়োগৰাকী খেলুৱৈ যুটীয়াভাৱে শীৰ্ষত থকাটো বিৰল আছিল। দেওবাৰে অনুষ্ঠিত মেচখনত এঘণ্টা ২০ মিনিটৰ খেলত এটাকৈ ছেট হৈছিল আৰু আলকাৰাজে সমগ্র প্রতিযোগিতাখনত প্ৰথমবাৰৰ বাবে এটা ছেট হেৰুৱাইছিল।
Like this:
Like Loading...