নেপালত ৬৯ হেজাৰ কোটি টকাৰ কেলেংকাৰী !
সামাজিক মাধ্যমযোগে বিপ্লৱৰ ৰূপ দি নায়কত পৰিণত সুদান গুৰুং
বিগত চাৰি বছৰত নেপালত সংঘটিত ৬৯ হেজাৰ কোটি টকাৰ তিনিটা কেলেংকাৰীয়ে কঁপাই গৈছিল দেশখনক। প্রশাসনত সংঘটিত নিত্য-নতুন কেলেংকাৰীয়ে সৰ্বসাধাৰণক বাৰুকৈয়ে অসন্তুষ্ট কৰি তুলিছিল। ক’ভিডোত্তৰ নেপালত ইতিমধ্যে নিবনুৱাৰ হাৰ কুৰি শতাংশৰ ঘৰ অতিক্ৰম কৰিছিল, বজাৰত জ্বলা জুই নির্বাপিত কৰাৰ সলনি মন্ত্রী-সাংসদসকল ব্যস্ত হৈ পৰিছিল নিজা স্বার্থসিদ্ধিত।
‘হামী নেপাল’ নামৰ এটা সংগঠনৰ জৰিয়তে এই, সুদান গুরুঙেই নেপালত আজি ‘বিপ্লৱ’ৰ সূচনা কৰাত সফল হ’ল। স্বৈৰাচাৰী শাসনতন্ত্ৰৰ বিৰুদ্ধে, দুর্নীতিৰ বিৰুদ্ধে, স্বজন-তোষণৰ বিৰুদ্ধে সুদান গুৰুঙৰ এটা আহ্বানতে ৰাজপথলৈ ওলাই আহিল লাখ লাখ তৰুণ-তরুণী। ইনষ্টাগ্রাম প’ষ্টত সুদান গুৰুঙৰ আহ্বান আছিল- স্কুল ইউনিফর্ম পিন্ধি আৰু স্কুলবেগত কিতাপ-পত্র লৈ প্রতিবাদত চামিল হওক, যাতে প্রতিবাদ শান্তিপূর্ণ প্রতিৰোধৰ প্রতীক হয়। ইতিমধ্যে নেপ’ কিডছ নামৰ এক প্ৰচাৰ অভিযান গুৰুঙে আৰম্ভ কৰি সৰ্বসাধাৰণে ভয়াৱহ দুৰ্যোগৰ মাজত জীয়াই থকাৰ বাবে দিবা-ৰাত্ৰি যুঁজ দি থকাৰ সময়ত কিদৰে মন্ত্ৰী-সাংসদ বা ৰাজনীতিকৰ পুত্ৰই লাহ-বিলাহৰ জীৱন যাপন কৰি আহিছে।
নেপ’ কিডছৰ প্ৰচাৰ অভিযানত দেখুওৱা হৈছিল ক্ষমতাসীন আৰু ক্ষমতাহীনৰ জীৱনৰ তফাৎ। এটা ভিডিঅ’ত দেখুওৱা হৈছিল প্রধানমন্ত্রী কে পি অলিৰ পুত্ৰই পিন্ধা কেইবাকোটিটকীয়া ঘড়ীও। নেপ’ কিডছৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে অলি চৰকাৰে ২৬ টাকৈ ছ’চিয়েল মিডিয়া বন্ধ কৰি দিয়াত খঙত অগ্নিশর্মা হৈ পৰে যুৱ প্ৰজন্ম। ছ’চিয়েল মিডিয়া বন্ধ কৰি যে যুৱ প্ৰজন্মৰ কণ্ঠৰুদ্ধ কৰাৰ ষড়যন্ত্ৰত অলি চৰকাৰ নামি পৰিছে, সেয়া বুজি উঠিবলৈ সময় নালাগিল তৰুণ-তৰুণীসকলৰ। ‘হেষ্টেগ ষ্টপ কৰাপ্টচন’, ‘জেন এক্স’ আৰু ‘বেক আপ নেপাল’ ব্যৱহাৰ কৰি ফে’চবুক আৰু বাকী কেতবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মেৰে আন্দোলনৰ বুনিয়াদ গঢ়ি তোলা হৈছিল। যাতে এই বার্তা অধিকসংখ্যক তৰুণ-তৰুণীলৈ যায়। কাঠমাণ্ডুৰ মেয়ৰ তথা নেপালী ৰেপৰ বলেন শ্বাহৰ ফে’চবুক প’ষ্টৰো আছিল বৃহৎ – ভূমিকা।