...

ডিব্রুগড় জিলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

Spread the love

 

 

ডিব্রুগড় জিলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 

 

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে
মুখ্য অতিথি মন্ত্ৰী প্ৰশান্ত ফুকনে

 

চাইন অন ডেস্ক:

সমগ্ৰ দেশৰ লগতে ডিব্রুগড় জিলাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। এই উপলক্ষে ডিব্রুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে দেশ মাতৃৰ হকে আত্মবলীদান দিয়া স্বাধীনতা সংগ্রামী সকললৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। তেওঁ দেশৰ ঐক্য তথা অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিভেদকামী শক্তি সমূহক বিনাশ কৰি ঐক্য শান্তি প্ৰেম পৰম্পৰা আৰু ধর্মীয় অনুভূতি ৰক্ষা কৰি ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত জনগণৰ বিশেষ ভূমিকা আছে বুলিও উল্লেখ কৰে। ৰাইজৰ সহায় সহযোগিতাৰেহে দেশ তথা ৰাজ্যখনৰ উন্নয়ন সম্ভৱ বুলি কৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে জনগণৰ কল্যাণৰ হকে লোৱা বিভিন্ন আঁচনিৰ কাম ডিব্রুগড় জিলাত সফলতাৰে ৰূপায়ন হৈ থকাৰ কথা উল্লেখ কৰি জিলাখনৰ কৃষি, স্বাস্থ্য, পশুপালন, গ্রমোন্নয়ন, বিদ্যুত, জলসম্পদ, জনস্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ন হৈ থকা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে।

ইয়াৰ পাছতে মুখ্য অতিথি মন্ত্ৰী প্ৰশান্ত ফুকনে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন.চি.চি, স্কাউট-গাইড তথা জিলাখনৰ বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা কুচ-কাৱাজৰ অভিবাদন গ্রহণ কৰে। বঁটা বিতৰণী অনুষ্ঠানত কুচ-কাৱাজত অংশগ্ৰহণ কৰা পেচাদাৰী গোটৰ ১৭ বি. এন চি.আৰ.পি.এফ বাহিনী, অসম আৰক্ষী আৰু ডিব্ৰুগড় আৰক্ষীৰ যানবাহন শাখাৰ
ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। কুচ-কাৱাজৰ অপেচাদাৰী শাখাত সম্পূৰ্ণা কেন্দ্ৰীয় বিদ্যালয়, অসামৰিক প্ৰতিৰক্ষা আৰু ডিব্ৰুগড় পৌৰসভাৰ এনফ’ৰ্চমেন্টৰ
কুচ-কাৱাজৰ দলক ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।

আনহাতে স্বাধীনতা দিৱসৰ সাংস্কৃতিক কাৰ্যসুচীত গুৰুকুল সংগীত নৃত্য কলাকেন্দ্ৰ, নৃত্যাংগনা কলা কেন্দ্ৰৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শণ কৰাৰ লগতে ডিব্ৰুগড় উচু এচছিয়েচনৰ প্ৰশিক্ষাৰ্থীসকলে উচু প্ৰদৰ্শণ কৰে।পুৱা ৬ বজাত দেশপ্রেমমূলক গীতেৰে আৰম্ভ হোৱা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত পুৱা ৮.৪৫ বজাত মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য অপর্ণ কৰে। স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত চিকিৎসালয়ৰ ৰোগী আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ মাজত ফলমূল বিতৰণ কৰা হয়।

ইয়াৰ পাছতে স্বাধীনতা দিৱস উপলক্ষে জিলা আয়ুক্ত একাদশ বনাম ডিব্রুগড় জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত প্ৰীতিমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। প্ৰীতি ক্ৰিকেট খেলত ডিব্রুগড় জিলা আয়ুক্ত একাদশ জয়ী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *