...

১ জুনৰ পৰা কলকাতা হৈ ডিব্ৰুগড়–বেংগালুৰু বিমান সেৱা

Spread the love

 

১ জুনৰ পৰা কলকাতা হৈ ডিব্ৰুগড়–বেংগালুৰু বিমান সেৱা

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে চলাব সেৱা

 

চাইন অন ডেস্কঃ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে চলিত বৰ্ষৰ ১ জুনৰ পৰা ১২ জুনলৈ বিমান চলাচল কৰাৰ কথা ঘোষণা কৰিছে। কলকাতা হৈ ডিব্ৰুগড় আৰু বেংগালুৰুৰ মাজত IX1257/1258 নম্বৰৰ বিমান সেৱা প্ৰৱৰ্তন হব।

বিমানৰ সময়সূচী:

IX1257: পুৱা ৭:৩০ বজাত বেংগালুৰুৰ পৰা যাত্ৰা কৰি দিনৰ ১২:২৫ বজাত ডিব্ৰুগড়ত উপস্থিত হব।

IX1258: ডিব্ৰুগড়ৰ পৰা দুপৰীয়া ১২:৫৫ বজাত ৰাওনা হৈ বিয়লি ৫:৫৫ বজাত বেংগালুৰুত উপস্থিত হব।

 

২০২৫ চনৰ জুলাই মাহত পুনৰ এই সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে যদিও জুলাই মাহৰ টিকট বুকিং এতিয়াও মুকলি হোৱা নাই।

বিমান সংস্থাটোৰ পৰা আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও বাট চাব লগীয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *