ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ তিনি বছৰ !
ড্ৰ’ণ আৰু মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ডাঙৰ আঘাত
ৰাছিয়া-ইউক্ৰেইনৰ তিনি বছৰীয়া যুদ্ধই দেওবাৰে সন্ধিয়াৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰে
সোমবাৰে পুৱালৈকে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই অব্যাহত ৰাখে ড্ৰ’ণ আৰু মিছাইলৰ আক্ৰমণ
চাইন অন ডেস্কঃ
ৰাছিয়া-ইউক্ৰেইনৰ তিনি বছৰীয়া যুদ্ধই দেওবাৰে সন্ধিয়াৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰে। সোমবাৰে পুৱালৈকে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই অব্যাহত ৰাখে ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ।

উল্লেখ্য যে, যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইউক্ৰেইনত ৰাছিয়াই সঘনাই ড্ৰ’ণ আৰু অন্যান্য ক্ষেপণাস্ত্ৰৰে আঘাত অব্যাহত ৰাখিছে। ৰাছিয়াৰ এই আক্ৰমণে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ সম্ভাৱনাক আৰু অধিক জটিল কৰি তুলিলে।
শেহতীয়াকৈ তুৰস্কৰ ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কোনো মধ্যস্থতাকাৰী নোহোৱাকৈ আলোচনা অনুষ্ঠিত হৈছিল। যদিও সেই আলোচনাত যুদ্ধবিৰতিৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল, তথাপিও দুয়োপক্ষই পৰ্যায়ক্ৰমে ১০০০ যুদ্ধবন্দীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল।
ইতিমধ্যে দুয়োখন দেশেই সেই চৰ্ত পূৰণ কৰিছে। তাৰ পিছতেই ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইউক্ৰেইনৰ ৰাজধানী কিভত একেৰাহে দুটা নিশা শুকুৰবাৰ আৰু শনিবাৰে বিমান আক্ৰমণ চলাইছিল ৰাছিয়াৰ বায়ু সেনাই।

ইয়াৰ পিছতে অৱশ্যে ট্ৰাম্পেও বিষয়টোক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। জেলেনস্কিয়ে উত্থাপন কৰা প্ৰশ্নৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লক্ষ্য কৰি লয়।
তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ সৈতে মোৰ সদায় অতি ভাল সম্পৰ্ক আছিল। কিন্তু তেওঁ এতিয়া কি হৈ পৰিছে? তেওঁ বন্ধ মনৰ এজন উন্মাদ হৈ হৈ পৰিছে।” ট্ৰাম্পে লগতে এই কথাও সকিয়াই দিয়ে যে, যদি পুটিনে সমগ্ৰ ইউক্ৰেইন দখল কৰিব বিচাৰে তেন্তে ইয়াৰ ফলত ৰাছিয়াৰ ‘পতন’ হ’ব।
উল্লেখ্য যে, দেওবাৰে ৰাছিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে পূব ইউক্ৰেইনৰ ডনেটস্কৰ এখন গাঁও ৰোমানিভকা দখল কৰিছে। যদিও ইউক্ৰেইনৰ অংশ, ডনেস্ক আৰু লুহানস্ক অঞ্চল প্ৰধানকৈ ৰাছিয়ান জনগোষ্ঠীয় লোকৰ। দীৰ্ঘদিন ধৰি তাত মস্কো সমৰ্থক সশস্ত্ৰ সংগঠন সক্ৰিয় হৈ আছে।