...

ধুবুৰীৰ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযান

ধুবুৰীৰ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযান

অভিযানৰ লক্ষ্য ৫৫০ বিঘা ভূমি

ধুবুৰী,১নৱেম্বৰঃ

ধুবুৰী জিলাৰ আলমগঞ্জ নৱম খণ্ড গাঁৱত দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলি থকা উচ্ছেদ প্ৰক্ৰিয়া বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে অব্যাহত আছে।

প্ৰায় ৫৫০ বিঘা ভূমিত চলিছে এই উচ্ছেদ অভিযান। প্ৰশাসনৰ পূৰ্বৰ জাননীৰ পিছতে উচ্ছেদৰ বাবে চিহ্নিত ভূমিত বসবাস কৰা লোকসকলৰ প্ৰায় ৮০ শতাংশই ইতিমধ্যে স্থান ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।

উচ্ছেদ অভিযানৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। বাতৰি লিখা পৰলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *