...

জকাই গাঁও পঞ্চায়তত গাঁও সভা সম্পন্ন

জকাই গাঁও পঞ্চায়তত গাঁও সভা সম্পন্ন

চাইন অন ডেস্ক,৩অক্টোবৰঃ

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ ৯নং জকাই গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত গাঁও সভা অনুষ্ঠিত হৈ যায়।জকাই গাঁও পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত গাঁও সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জকাই গাঁও পঞ্চায়তৰ পঞ্চায়ত সমন্বয়ক প্ৰদ্যুত বৰাই গ্ৰাম্য উন্নয়নৰ আচঁনি গ্ৰহণ সন্দৰ্ভত অৱগত কৰি ২০২৬বৰ্ষৰ কৰ্ম আচঁনিৰ সম্পৰ্কে উল্লেখ কৰাৰ উপৰিও ২০২৭-২০২৮ আচঁনিকে ধৰি গ্ৰাম্য উন্নয়নৰ বিভিন্ন আচঁনিৰ জৰিয়তে জনকল্যাণ কৰিব বিষয়ত ৰাইজৰ উদ্দেশ্যি বক্তব্য আলোকপাত কৰে।অনুষ্ঠানত জকাই গাঁও পঞ্চায়তৰ গ্ৰাম্য ৰোজগাৰ সহায়ক অৰূপ গগৈয়ে VB-G RAM-G আচনিৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত প্ৰকাশ কৰে।সভাত জকাই গাঁও পঞ্চায়তৰ কাৰ্যসমতি অভিযন্তা গুনিন্দ্ৰ চুংক্ৰাঙে ভিবি-জি ৰাম-জি(VB-G RAM-G)আঁচনিৰ অধীনত ৰূপায়ণ কৰিব লগীয়া নলা-নদৰ্মা ,পথ নিৰ্মাণৰ সম্পৰ্কে গ্ৰহণ কৰা বিভিন্ন দিশত পৰ্যালোচনা আগবঢ়ায়।সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ওপৰত আলোকপাত কৰি বৰবৰুৱা উন্নয়ন খণ্ডৰ গ্ৰাম্য সেৱক চিৰঞ্জিত বৰগোহাঁইয়ে গ্ৰাম্য উন্নয়নৰ আচঁনি গ্ৰহণৰ ক্ষেত্ৰত ইতিবাচক ৰূপায়ণ সন্দৰ্ভত বিস্তৃত ৰূপত প্ৰকাশ কৰে।জকাই গাঁও পঞ্চায়তৰ সচিব উৎপল গগৈয়ে আতঁ ধৰি গাওঁ সভাৰ উদ্দেশ্য, লক্ষ্য, জনসাধাৰণৰ সহযোগ, আৰু গাঁও সভাৰ জৰিয়তে পঞ্চায়তৰ প্ৰতিখন আঁচনিৰ সুফল জনসাধাৰণৰ সেৱাৰ বাবে ৰূপায়ণ কৰাৰ বিভিন্ন দিশত আলোকপাত কৰে।অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আচঁনি গ্ৰহণ সন্দৰ্ভত ৰসেশ্বৰ সোনোৱালে,অৰুনজ্যোতি শইকীয়াই হস্ততাঁত-বস্ত্ৰ শিল্প আচঁনিৰ জৰিয়তে স্বাৱলম্বীতা অৰ্জন,কৃষি বিষয়ক আচঁনিৰ যোগেদি কৃষকৰ উন্নয়ন কৰিব পৰা দিশত সমমিতা অভিযন্তা ভাস্কৰজ্যোতি দত্তই, প্ৰমুখ্যে পঞ্চায়ত স্তৰত উন্নয়ন আৰু বিকাশৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়া সকলে নিজৰ বিভাগৰ জৰিয়তে পাব পৰা আচঁনিৰ সন্দৰ্ভত অৱগত কৰে।সভাত জকাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ভাস্কৰ সোনোৱালে গ্ৰাম্য উন্নয়নৰ বিভিন্ন আচঁনিৰ যোগেদি যাতে ৰাইজ উপকৃত হয় তাৰ বাবে সহযোগিতাৰ আহ্বান জনায়।অনুষ্ঠানত জকাই গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়ক তোষেশ্বৰ দিহিঙ্গীয়া, সহায়ক জিত বৰা প্ৰমুখ্যে পঞ্চায়তৰ কৰ্মচাৰীসকল জীৱিকাসখী ,জকাই গাঁও পঞ্চায়তৰ উপসভানেত্ৰী সহ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।অনুষ্ঠানত জকাই অঞ্চলৰ আত্মসহায়ক গোট ,অঞ্চলটোৰ মহিলা, যুৱক তথা স্থানীয় ৰাইজ উপস্থিত থাকে।সভাৰ শেষত জকাই গাঁও পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা সোনোৱালে জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জন্ম জয়ন্তীৰ দিনটোত আয়োজন কৰা গাঁও সভাত উপস্থিত সকলোৱেই প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু জকাইবাসীৰ বাবে সভানেত্ৰী হিচাপে জনসাধাৰণৰ সেৱাৰ নিমিত্তে ৰাইজৰ সহযোগত সেৱাত ব্ৰতী হৈ কাম কৰি যাব বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *