...

ডিব্ৰুগড়ত আৰক্ষীৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু

ডিব্ৰুগড়ত আৰক্ষীৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু

অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ

ন্যায় বিচাৰি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব পৰিয়ালে

চাইন অন ডেস্ক,৩অক্টোবৰঃ

আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন কয়দীৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত যোৱা ৩০ ছেপ্টেম্বৰত যুৱকজনৰ মৃত্যু হয়। এই ঘটনাক কেন্দ্ৰ কৰি মৃতকৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে অকথ্য শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মৃত যুৱকজনক ডিব্ৰুগড়ৰ নালিয়াপুল সোণৰ অসম পথৰ নিৱাসী ৩৪ বছৰীয়া মহম্মদ নিছাদ হুছেইন বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পিতৃৰ নাম তাহিৰ হুছেইন। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২২ ছেপ্টেম্বৰত গাভৰুপথাৰ আৰক্ষীয়ে নিছাদক আটক কৰি নিজৰ জিম্মালৈ নিছিল। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে, যাৰ ফলশ্ৰুতিতে যোৱা ২৫ ছেপ্টেম্বৰত আৰক্ষীয়ে তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায়। কিন্তু চিকিৎসাধীন অৱস্থাতেই ৩০ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নিছাদে মৃত্যুক সাবটি লয়। নিছাদৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজন শোকত ভাগি পৰাৰ লগতে ক্ষোভিত হৈ পৰে। পৰিয়ালৰ ফালৰ পৰা পোনপটীয়াকৈ আৰক্ষীক এই মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে। মৃতকৰ জেঠায়েকৰ ল’ৰাই সংবাদ মাধ্যমৰ আগত শোক আৰু ক্ষোভ প্ৰকাশ কৰি কয়, ‘আৰক্ষীৰ জিম্মাতে তেখেতৰ মৃত্যু হৈছে। মৃতদেহটো দেখিলে স্পষ্টকৈ বুজিব পাৰি যে তেওঁক কিমান অমানুষিকভাৱে প্ৰহাৰ কৰা হৈছে। গোটেই গাত আঘাতৰ স্পষ্ট চিন আছে। তেওঁৰ সোঁ হাতখন ভঙা অৱস্থাত আছিল আৰু লগতে মগজুত গভীৰ অভ্যন্তৰীণ আঘাত পাইছিল। এয়া সাধাৰণ মৃত্যু নহয়, আৰক্ষীৰ মাৰপিট আৰু নিৰ্যাতনৰ ফলতেই এই কাৰ্য সংঘটিত হৈছে।’ তেওঁ লগতে কয় যে আৰক্ষীয়ে এতিয়া নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰিছে। “পুলিচতো মিলিয়েই আছে, পুলিচেই কৰিছে গোটেইখিনি। তেখেতৰ মৃত্যু পুলিচৰ হাততেই হৈছে। আমি এতিয়া ন্যায় বিচাৰিছোঁ। গোটেইখিনি আইনী প্ৰক্ৰিয়া চলি আছে। ন্যায় প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আছে আৰু আমাক ন্যায় লাগিবই। দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে,” আত্মীয়জনে দৃঢ়তাৰে কয়। পৰিয়ালে ইতিমধ্যে এই অমানৱীয় অত্যাচাৰৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব বুলিও স্পষ্ট কৰি দিছে। আনহাতে, পৰিয়ালে উত্থাপন কৰা এই ভয়ংকৰ অভিযোগসমূহ আৰক্ষীয়ে সম্পূৰ্ণৰূপে নাকচ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিছাদ হুছেইনৰ পূৰ্বৰে পৰা অত্যধিক মদ্যপান কৰাৰ অভ্যাস আছিল। মদ্যপানৰ ফলতেই তেওঁৰ স্বাস্থ্যৰ গভীৰ অৱনতি ঘটিছিল বুলি আৰক্ষীয়ে দাবী কৰিছে। মৃত্যুৰ প্ৰাথমিক কাৰণ হিচাপে ‘কাৰ্ডিঅ’ ৰেচপিৰেটৰী ফেলিয়’ৰ’ (Cardio-respiratory failure) বুলি দৰ্শোৱা হৈছে।
এই পৰস্পৰবিৰোধী দাবী আৰু অভিযোগৰ মাজত এতিয়া নিছাদৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ সকলোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ বাট চাইছে। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ কথা আছিল যদিও সেয়া কাইলৈলৈ পিছুৱাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য আৰু স্বাস্থ্যৰ এনে দ্ৰুত অৱনতিৰ কাৰণ ফাদিল হ’ব বুলি আশা কৰা হৈছে।বৰ্তমান সমগ্ৰ ডিব্ৰুগড়তে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু সচেতন মহলে এক নিৰপেক্ষ আৰু সুক্ষ্ম তদন্তৰ দাবী জনাইছে, যাতে সমগ্ৰ ঘটনাৰ সত্যতা উন্মোচিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *