ডিব্ৰুগড়ত গুটখাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক আটছাৰ আদৰণি
গুটখা-জৰ্দাৰ বিৰুদ্ধে জিলা প্ৰশাসনে লওক ‘জিৰ’ টলাৰেন্স’ নীতি:আটছা
ঢাইন অন ডেস্ক,৩ অক্টোবৰ:
ডিব্ৰুগড় জিলাত নিষিদ্ধ জৰ্দা, গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে অলপতে চলোৱা তীব্ৰ অভিযানক অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)-ই আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰা হৈছে। এই সন্দৰ্ভত এক বিবৃতিত আটছাৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে জিলাখনত গুদকা তথা সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰচলন সম্পূৰ্ণৰূপে স্তব্ধ কৰিবলৈ চৰকাৰ আৰু প্ৰস্থানীয় প্ৰশাসনৰ ওচৰত এক কঠোৰ ‘গুদকা নিষিদ্ধ আইন’ প্ৰণয়নৰ দাবী উত্থাপন কৰিছে।
বিবৃতিটোত আটছাৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে কয় যে যুৱ প্ৰজন্ম আৰু বিশেষকৈ চাহ বাগিচা অঞ্চলৰ শ্ৰমিক সমাজক ধঁপাতৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ হ’লে কেৱল সাময়িক আৰক্ষীৰ অভিযানেই যথেষ্ট নহয়। ইয়াৰ বাবে দেশৰ প্ৰচলিত আইনসমূহ জিলাখনত কঠোৰভাৱে ৰূপায়ণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। তেওঁ উল্লেখ কৰি কয় যে, ‘খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন,২০০৬’ৰ অধীনত
থকা নিয়মাৱলী অনুসৰি যিকোনো খাদ্য সামগ্ৰী বা মুখ সতেজকাৰীত ধঁপাত বা নিকোটিন ব্যৱহাৰ কৰাটো সম্পূৰ্ণ নিষিদ্ধ। একেদৰে কেন্দ্ৰীয় আইন ‘ক’টপা, ২০০৩’ (COTPA) ৰ ধাৰা ৬ (খ) অনুসৰি শিক্ষানুষ্ঠানৰ ১০০ গজ ব্যৱধানৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো এক গুৰুতৰ আইনী অপৰাধ। এই সকলোবোৰ আইন থকাৰ পিছতো জিলাখনত ইয়াৰ উলংঘা কাৰ্য সুলভ হৈ পৰিছে।তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰী নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই গোপনে ডিব্ৰুগড়ৰ চুকে-কোণে বিষাক্ত জৰ্দা-গুটখাৰ অবৈধ ৰমৰমীয়া বেহা চলাই আহিছে। ইয়াৰ ফলত বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকল মাৰাত্মক কৰ্কট ৰোগৰ (Cancer) দৰে ব্যাধিৰ মুখলৈ ঠেলি দিয়া হৈছে। আৰক্ষীৰ শেহতীয়া কঠোৰ অভিযানক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ জিলা খাদ্য সুৰক্ষা বিভাগ আৰু আৰক্ষী প্ৰশাসনক এই অভিযান ধাৰাবাহিকভাৱে চলাই যাবলৈ অনুৰোধ জনায়।আটছাৰ নেতাগৰাকীয়ে জিলা প্ৰশাসনক স্পষ্ট সকীয়নি দি কয় যে ডিব্ৰুগড় জিলাক সম্পূৰ্ণৰূপে গুদকা আৰু নিষিদ্ধ ধঁপাতমুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ প্ৰশাসনে আইনগতভাৱে ‘জিৰ’ টলাৰেন্স’ (Zero Tolerance) নীতি গ্ৰহণ কৰিব লাগিব। আইন উলংঘাকাৰীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আইনৰ অধীনত বৃহৎ জৰিমনা আৰু জে’লৰ দৰে কঠোৰ দণ্ডৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ হুংকাৰ প্ৰদান কৰে।