...

ডিব্ৰুগড়ত জনসংখ্যাভিত্তিক কৰ্কট ৰোগ পঞ্জীয়নৰ পঞ্চবাৰ্ষিক প্ৰতিবেদন মুকলি

ডিব্ৰুগড়ত জনসংখ্যাভিত্তিক কৰ্কট ৰোগ পঞ্জীয়নৰ পঞ্চবাৰ্ষিক প্ৰতিবেদন মুকলি

চাইন অন ডেস্ক,২৩ ছেপ্তেম্বৰঃ

উজনি অসমত কৰ্কট ৰোগৰ প্ৰকৃত ছবি আৰু ইয়াৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ তথা চিকিৎসা পৰিকল্পনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত জনসংখ্যাভিত্তিক কৰ্কট ৰোগ পঞ্জীয়ন, অৰ্থাৎ পিবিচিআৰ ডিব্ৰুগড় উজনি অসমৰ পঞ্চবাৰ্ষিক প্ৰতিবেদন মুকলি কৰা হয়।বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অইল লেকচাৰ হলত অনুষ্ঠিত হয় এই বিশেষ প্ৰতিবেদন মুকলি অনুষ্ঠান। পিবিচিআৰ ডিব্ৰুগড় উচ্চ অসমৰ ২০১৯ চনৰ পৰা ২০২৩ লৈ পাঁচ বছৰীয়া প্ৰতিবেদন আৰু হস্পিতেলভিত্তিক কৰ্কট ৰোগ পঞ্জীয়ন, অৰ্থাৎ এইচবিচিআৰ ডিব্ৰুগড়ৰ ২০২১ চনৰ পৰা ২০২৩ লৈ তিনিবছৰীয়া প্ৰতিবেদন মুকলি কৰা হয়। ইয়াৰ লগতে ICMR-National Institute of Epidemiology (ICMR-NINE)ৰ দ্বাৰা প্ৰকাশিত ‘Assam Cancer Burden Profile 2026’খনো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই প্ৰতিবেদনসমূহত উজনি অসমৰ কৰ্কট ৰোগৰ পঞ্জীয়ন, ৰোগৰ প্ৰৱণতা আৰু মহামাৰী বিজ্ঞান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰা হৈছে। কৰ্কট ৰোগৰ তথ্যভিত্তিক নজৰদাৰী শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে কৰ্কট ৰোগ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু স্বাস্থ্যসেৱাৰ পৰিকল্পনা প্ৰস্তুত কৰাত এই তথ্যসমূহে সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি এই অনুষ্ঠানতে এই বিষয়ত প্ৰস্তুত কৰা চাৰিজন লেখক চিকিৎসকৰ চাৰি খনকৈ গ্ৰন্থও উন্মোচন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে কয় যে অসম চিকিৎসা মহাবিদ্যালয়ৰ আই.চি.এম.আৰৰ উদ্যোগত ১৯৮২ চনত এটা কেঞ্চাৰ পঞ্জীয়ন স্থাপন কৰা হৈছিল। সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষত পৰীক্ষামূলকভাৱে তিনিটা কেন্দ্ৰ আছিল— এটা অসম মেডিকেল কলেজ, দ্বিতীয়টো ত্ৰিবান্দ্ৰম আৰু তৃতীয়টো পি.জি.আই. চণ্ডীগড়। ১৯৮২-৮৩ চনৰ পৰা ইয়াৰ কাম আৰম্ভ হৈছিল আৰু বেংগালুৰুস্থিত আই.চি.এম.আৰ কেন্দ্ৰত উপস্থাপন কৰা হৈছিল। পিছলৈ এই সফলতাৰ ভিত্তিত ডিব্ৰুগড় জিলাৰ লগতে উজনি অসমৰ ৯ খন জিলা, গুৱাহাটী আৰু শিলচৰক সামৰি সমগ্ৰ অসমৰ জিলাসমূহক এই কেঞ্চাৰ ৰেজিষ্ট্ৰীৰ পৰিভুক্তি কৰা হয়। ডাঃ কাকতিয়ে আৰু কয় যে ইয়াৰ উদ্দেশ্য হৈছে অসমত কি কি ধৰণৰ কেঞ্চাৰ হৈছে, বয়স অনুযায়ী আৰু পুৰুষ-মহিলাৰ মাজত তাৰ প্ৰিভেলেন্স বা প্ৰাদুৰ্ভাৱ কেনেধৰণৰ তাক নিৰূপণ কৰা। এইবাৰ চিকিৎসালয়ভিত্তিত ৰেজিষ্ট্ৰীৰ তিনি বছৰৰ তথ্য আৰু জনসংখ্যা ভিত্তিত পঞ্জীয়ন পাঁচ বছৰৰ ডাটা ৰিলিজ কৰা হৈছে, যিটো ভাৰত চৰকাৰৰ আই.চি.এম.আৰলৈ পঠিওৱা হ’ব। এই তথ্যই কোনকেইটা কেঞ্চাৰ বেছিকৈ হৈছে সেয়া স্পষ্ট কৰিব। বৰ্তমানৰ ক্ষেত্ৰত খাদ্যনলী আৰু মহিলায়সকলৰ ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰ আক্ৰান্তৰ হাৰ আটাইতকৈ বেছি বুলি তেওঁ উল্লেখ কৰে। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত সঠিক তথ্য আৰু সময়োপযোগী নজৰদাৰী অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে এই তথ্যভিত্তিক চৰকাৰ আৰু বিভিন্ন দায়বদ্ধ প্ৰতিষ্ঠানসমূহে আগন্তুক দিনত কেঞ্চাৰ ৰোগ নিৰ্মূলকৰণ, প্ৰতিষেধক আৰু আগতীয়াকৈ ডায়েগ্নোচিছৰ সঠিক পৰিকল্পনা কৰিব পাৰিব। অসম চৰকাৰৰ এন.চি.ডি. প্ৰজেক্ট আৰু অসম কেয়াৰ কেঞ্চাৰ ফাউণ্ডেশ্যনৰ যোগেদি ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু আগতীয়া চিনাক্তকৰণৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *