নৱজাতকৰ উন্নত যত্নৰ বাবে ডিব্ৰুগড়ত বিশেষ পদক্ষেপ
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম অত্যাধুনিক ‘নাৰ্চাৰিং কেয়াৰ’ তথা ‘মাদাৰ-নিউবৰ্ণ কেয়াৰ ইউনিট’ মুকলি
চাইন অন ডেস্ক,২৩ চেপ্তেম্বৰ:
নৱজাতকৰ জীৱন সুৰক্ষাৰ লগতে তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু মস্তিষ্কৰ সুস্থ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে এক বিশেষ ব্যৱস্থা। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) নীতি-নিৰ্দেশনা অনুসৰি চিকিৎসাৰ সমান্তৰালভাৱে নৱজাতকক মাতৃৰ স্নেহ, পৰশ আৰু অনুকূল পৰিৱেশত যত্ন লোৱাৰ উদ্দেশ্যে মুকলি কৰা হৈছে অত্যাধুনিক ‘নাৰ্চাৰিং কেয়াৰ’ তথা ‘মাদাৰ-নিউবৰ্ণ কেয়াৰ ইউনিট’। সংশ্লিষ্ট কৰ্তৃপক্ষৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পৰীক্ষামূলকভাৱে এই ব্যৱস্থা প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে।
সাধাৰণতে সময়ৰ পূৰ্বে জন্মগ্ৰহণ কৰা অথবা বিভিন্ন জটিলতাত ভোগা নৱজাতকক NICU-ত ৰাখি চিকিৎসা প্ৰদান কৰা হয়। অৱশ্যে অতিৰিক্ত পোহৰ, শব্দ আৰু চিকিৎসাকেন্দ্ৰিক পৰিৱেশে কেতিয়াবা নৱজাতকৰ স্বাভাৱিক বিকাশত প্ৰভাৱ পেলাব পাৰে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নতুন ইউনিটটোত চিকিৎসাৰ লগতে নৱজাতকক মাতৃৰ বুকুৰ সংস্পৰ্শ, শান্ত পৰিৱেশ আৰু স্নেহময় যত্ন প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
শিশু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপিকাগৰাকীৰ মতে, নৱজাতকৰ জীৱন ৰক্ষা কৰাই চিকিৎসাৰ একমাত্ৰ লক্ষ্য নহয়; তেওঁলোক যাতে ভৱিষ্যতে সুস্থ-সবলভাৱে বিকশিত হ’ব পাৰে, তাৰ বাবেও আৰম্ভণিৰ পৰাই উপযুক্ত
যত্ন অতি প্ৰয়োজনীয়। বিশেষকৈ মাতৃৰ বুকুৰ সংস্পৰ্শই নৱজাতকক এক নিৰাপদ আৰু স্নেহময় পৰিৱেশ প্ৰদান কৰাৰ লগতে শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে, ২০১২ চনৰ পৰাই ‘ৰিজনেল কলাবৰেটিভ চেণ্টাৰ ফৰ নিউবৰ্ণ কেয়াৰ’-ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ স্বাস্থ্যকৰ্মীসকলক নৱজাতকৰ যত্নৰ বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে। নতুনকৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা এই ইউনিটটোত ১৭-১৮খন বেডৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে নৱজাতকৰ চিকিৎসাৰ লগতে তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে এক অধিক শিশুবান্ধৱ আৰু মাতৃকেন্দ্ৰিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।