...

গ্ৰাম্য বজাৰ নিৰ্মাণৰ উদ্দেশ্যে ভূমি আৱণ্টন

গ্ৰাম্য বজাৰ নিৰ্মাণৰ উদ্দেশ্যে ভূমি আৱণ্টন

পত্ৰ প্ৰদান মটক স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াৰ

চাইন অন ডেস্ক,২১আগষ্টঃ

ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱৰ খিলঞ্জীয়া লোকসকলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ আৰ্থ-সামাজিক দিশৰ বিকাশৰ উদ্দেশ্যে এখন গ্ৰাম্য বজাৰ নিৰ্মাণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে মটক স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াই ডিব্ৰুগড়ৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ অৰ্থনীতি সবলীকৰণৰ উদ্দেশ্যে গ্ৰাম্য বজাৰ নিৰ্মাণত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। সেই পৰিপ্ৰেক্ষিতত বকুল মাজ গাঁৱৰ ৪৭২ নং দাগৰ চৰকাৰী সংৰক্ষিত ভূমিত বকুল গাঁও পঞ্চায়তৰ সমীপতে খিলঞ্জীয়া লোকসকলৰ সুবিধা হোৱাকৈ এই গ্ৰাম্য বজাৰখন নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্মাণ কাৰ্যত যাতে কোনোধৰণৰ আইনী বা প্ৰশাসনিক জটিলতাৰ সৃষ্টি নহয়, তাৰ বাবে স্মাৰক-পত্ৰখনৰ জৰিয়তে জিলা প্ৰশাসনৰ ওচৰত আৱশ্যকীয় ভূমি আৱণ্টনৰ বাবে আবেদন জনায়। পাৰিষদ দীপজয় শইকীয়াই আশা প্ৰকাশ কৰে যে জিলা প্ৰশাসনে এই আবেদন সহানুভূতিৰে বিবেচনা কৰি অতি সোনকালে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিব। এই প্ৰকল্প বাস্তৱায়িত হ’লে মটক জনগোষ্ঠীৰ লোকসকলৰ লগতে সমগ্ৰ অঞ্চলটোৰ স্বাৱলম্বী খিলঞ্জীয়া ব্যৱসায়ীসকলৰ কাৰণে এক সুন্দৰ অৰ্থনৈতিক থলী হিচাপে গঢ়ি উঠিব আৰু স্থানীয় গ্ৰাম্য অৰ্থনীতিলৈ এক উল্লেখনীয় গতি আহিব। উল্লেখ্য যে এই আবেদন পত্ৰৰ একোখনকৈ প্ৰতিলিপি মটক স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব তথা জিলা উন্নয়ন আয়ুক্ত আৰু ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈকো পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *