...

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিবৰ পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিবৰ পৰিদৰ্শন

চাবুৱা আদৰ্শ চিকিৎসালয় আৰু পানিতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

চাইন অন ডেস্ক,১১আগষ্ট:

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব তথা ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ অভিভাৱক বিষয়া ড° প্ৰণতি গগৈয়ে আজি পৰ্যবেক্ষণ আৰু সহায়ক তত্বাৱধানৰ অংশ হিচাপে চাবুৱা আদৰ্শ চিকিৎসালয় আৰু পানিতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। দুয়োখন স্বাস্থ্য প্ৰতিষ্ঠানৰ সামগ্ৰিক কাৰ্যপ্ৰণালীৰ বুজ লোৱা আৰু স্বাস্থ্য সেৱাৰ মান উন্নীতকৰণ তথা শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যৰে এই পৰিদৰ্শন কাৰ্যসূচী হাতত‌ লয় স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব গৰাকীয়ে।

পৰিদৰ্শনৰ সময়ত ড° গগৈয়ে দুয়োখন স্বাস্থ্য প্ৰতিষ্ঠানৰ বায়’-মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাৰ বিশদ পৰ্যালোচনা কৰে। বায়’-মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী অনুসৰি আৱৰ্জনাৰ পৃথকীকৰণ, সংৰক্ষণ আৰু নিষ্পত্তিৰ প্ৰক্ৰিয়া পৰীক্ষা কৰি নিয়মসমূহৰ পালন সুনিশ্চিত কৰে। ইয়াৰ উপৰিও তেওঁ বহিৰ্বিভাগ আৰু অন্তৰ্বিভাগৰ সেৱা, প্ৰসৱ কক্ষ, ঔষধালয়, পৰীক্ষাগাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰয়োজনীয় ঔষধ আৰু সঁজুলিৰ উপলব্ধতাৰো বুজ লয়।

পৰিদৰ্শনৰ পাছত ড° গগৈয়ে দুয়োখন চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়াসকল, স্বাস্থ্য কৰ্মী আৰু অন্যান্য কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্য কৰ্মীসকলৰ কৰ্ম-নিষ্ঠাৰ শলাগ লৈ সেৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।লগতে , চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সেৱাৰ মান আৰু অধিক উন্নত কৰিবলৈ নিষ্ঠা আৰু সমন্বয়ৰে কাম কৰিবলৈ তেওঁ সকলোকে উৎসাহিত কৰে।

এই পৰিদৰ্শনৰ সময়ত স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব ড° গগৈৰ সৈতে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° তৃষ্ণা বড়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,ডিব্ৰুগড়ৰ জিলা মিডিয়া বিশেষজ্ঞ ডেইজী গগৈ আৰু জিলা কমিউনিটী ম’বিলাইজাৰ অমিত কানু উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *