...

শিৱসাগৰ জিলাৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত

শিৱসাগৰ জিলাৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত

স্বেচ্ছাসেৱী সংগঠন জোনাকৰ ‘এধানমানি সহমর্মিতা’ ৰূপায়ণ

চাইন অন ডেস্ক,১১আগষ্ট:

ডিব্ৰুগড় জিলাৰ অগ্রণী স্বেচ্ছাসেবী সংগঠন ‘জোনাক’ৰ পৰিকল্পনা-উদ্যোগেৰে যোৱা ৮ আগষ্ট শনিবাৰে শিৱসাগৰ জিলাৰ সাম্প্রতিক জলপ্রলয়ত বিধ্বস্ত-সর্বস্বান্ত বেতবাৰী অঞ্চলৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আর্ত-পীড়িতজনৰ প্রতি সহানুভূতি জ্ঞাপক কার্য ‘এধানমানি সহমর্মিতা’ ৰূপায়ণ কৰা হয়। এই কার্যৰ অংশস্বৰূপে বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ১৫০ গৰাকী ছাত্র-ছাত্রীক স্কুল বেগ, ছাতি-কলম, বহী, জ্যামিতিৰ বাকচ, চাবোন, চেন্দেল আৰু বিস্কুট প্রদান কৰা হয়। জোনাকৰ এই কাৰ্যৰ সৈতে সহযোগিতা আগবঢ়ায় অসম আৰক্ষীৰ কেইগৰাকীমান, হৃদয়বান আৰক্ষী জোৱানে।
‘এধানমানি সহমর্মিতা’ শীর্ষক কাৰ্য ৰূপায়ণৰ বাবে সংগঠনটোৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ গৰুধৰীয়া-মধুপুৰ অঞ্চলটোৰ অন্তর্গত ফুকনবাম, ঠেঙাল, গৌৰীপুৰ, বিনৈগুটীয়া, শোভাচুক আৰু গোহাঁই গাঁও অঞ্চলৰ জোনাকৰ অনুৰাগী তথা সমাজৰ শুভচিন্তক ব্যক্তিসকলে যৎপৰোনাক্তি আর্থিক বৰঙণি আগবঢ়ায়। বান সাহায্য প্রদানৰ এই কাৰ্যসূচীত মুখ্য ভূমিকা পালন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক মৃদুল পাত্র, সহকাৰী সাধাৰণ সম্পাদক বসন্ত কুমাৰ গগৈ, প্ৰচাৰ সম্পাদক পৰাগধৰ চেতিয়া, সাংগঠনিক সম্পাদক দীপক কুমাৰ গগৈ আৰু উপ-সভাপতি বিদ্যাধৰ দুৱৰাই। ছাত্র-ছাত্রীক শৈক্ষিক সামগ্রী বিতৰণত সহায় কৰে ক্ৰমে গৰুধৰীয়া মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক ভাস্কৰ বৰা, শোভাচুক মণ্ডলৰ সমন্বক ডিম্বেশ্বৰ গগৈ, জোনাকৰ বিষয়ববীয়া ক্রমে জোনাকৰ সভাপতি ৰাজকুমাৰ ছেত্রী, সুজিত পাত্র, ৰাজকুমাৰ গগৈ, ৰিতু গগৈ, ৰাণা গগৈ, কহিত পাত্র, খনীন্দ্র পাত্র, ধৈর্য গগৈ, চিৰঞ্জীত গগৈ, কহিণী বৰুৱা, দেবপ্রতিম গগৈ, মুহিন পাত্র, বিপুল গগৈ আৰু দয়ানন্দ পাত্রই। শৈক্ষিক সাহার্য প্রদান পৰ্বৰ ব্যৱস্থাপনাত সহায় কৰে জোনাকৰ কাৰ্যকৰী সভাপতি খুবেন পাত্র, বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক সঞ্জীৱ গগৈ আৰু জোনাকৰ উপদেষ্টা বেদনিধি শর্মাই। ছাত্র-ছাত্রীব প্রতি সদিচ্ছা-সহমর্মিতাৰ চিনস্বৰূপে আগবঢ়োৱা বানবিধ্বস্ত সামগ্রী কেইপদ সাদৰে গ্ৰহণ কৰি নিজৰ শৈক্ষিক-সাংস্কৃতিক জীবন উজ্বলাই তুলি দেহ-মনক উৎসাহ-প্ৰেৰণাৰে উজ্জীবিত কৰিবলৈ আহ্বান জনায় স্বেচ্ছাসেবী সংগঠন ‘জোনাক’ৰ সাধাৰণ সম্পাদক মৃদুল পাত্রই।

Leave a Reply

Your email address will not be published. Required fields are marked *