শোণিতপুৰ জিলাৰ মিছামাৰীত যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁৰ প্ৰভাৱ পেলাইছে। অঞ্চলটোৰ কঠালগুৰি — দীঘলজুলি গাঁৱৰ পথত তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত এগৰাকী গৰ্ভৱতী মহিলা আৰু নৱম শ্ৰেণীৰ ছাত্ৰী গুৰুতৰ ভাৱে জখম হোৱাৰ পাছত চিকিৎসাধীন অৱস্থাত দুয়ো মৃত্যুক আঁকোৱালি লয়। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনা অনুসৰি, নিশা প্ৰায় ৯-৩০ বজাত মিছামাৰীৰ ৰিকামাৰী গাঁৱৰ আশা কৰ্মকাৰ (২১) আৰু নিকিতা কুমাৰ (১৬) বলবমৰ সাজ-পোছাক পৰিধান কৰি কঠালগুৰি – দীঘলজুলি গাঁৱৰ পথৰ দাঁতিত ৰৈ আছিল। সেই সময়তে দীঘলজুলি গাঁৱৰ দিশৰ পৰা তীব্ৰবেগেৰে অহা AS-12-AP-9132 নম্বৰৰ এখন পালছাৰ মটৰ চাইকেলে দুয়োগৰাকীকে খুন্দা মাৰে ৷ মটৰচাইকেল খনে তীব্ৰ গতিত খুন্দা মৰাৰ ফলত দুয়োগৰাকী গুৰুতৰ ভাৱে জখম হয়। মূৰ্মুষ অৱস্থাত ঠাইতে পৰি থকা মহিলা আৰু যুৱতী দুয়োকে ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় লৈ নিয়ে যদিও চিকিৎসালয়তে দুয়ো মৃত্যু হয়৷ মৃত আশা কৰ্মকাৰ চাৰি মাহৰ গৰ্ভৱতী আছিল বুলি জানিবলৈ দিছে । আনহাতে একেটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰা নিকিতা কুমাৰ স্থানীয় উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ৷ ইফালে মটৰ চাইকেলখনৰ চালক অঞ্চলটোৰ গৰুবন্ধাৰ বাসিন্দা ৰমেন বড়ো বুলি জানিবলৈ দিছে ৷ মটৰচাইকেল খনৰ চালক তথা গৰাকীজনো গুৰুতৰভাৱে আহত হয় আৰু তেওঁকো চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে মিছামাৰীৰ গৰুবন্ধা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাক লৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আহত ছাত্ৰী নিকিতা কুমাৰক চিকিৎসাৰ বাবে গৰুবন্ধা আদৰ্শ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয় খনত পৰ্যাপ্ত চিকিৎসক আৰু জৰুৰীকালীন সেৱাৰ অভাৱৰ বাবে সময়মতে উন্নত চিকিৎসা লাভ নকৰাত ছাত্ৰী গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নামতহে আছে গৰুবন্ধা আদৰ্শ চিকিৎসালয় ! কিন্তু বাস্তৱ ক্ষেত্ৰত জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত এতিয়াও বহু সমস্যাই দেখা দিছে। বিশেষকৈ নিশাৰ ভাগত পৰ্যাপ্ত চিকিৎসক, জৰুৰীকালীন চিকিৎসা ব্যৱস্থা আৰু এম্বুলেন্স সেৱা উপলব্ধ নথকাৰ অভিযোগ বহুদিনৰে। এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত আহতক তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসালয়লৈ স্থানান্তৰ কৰাটো অতি জৰুৰী। কিন্তু গৰুবন্ধা আদৰ্শ চিকিৎসালয়ত এনে জৰুৰী পৰিস্থিতিত পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা সুবিধা নথকাৰ অভিযোগে চিকিৎসা ব্যৱস্থাটোৰ ওপৰতেই প্ৰশ্ন উত্থাপিত হৈছে ৷ স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে—যদি এখন চিকিৎসালয়ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰোগীক সময়মতে চিকিৎসা প্ৰদান আৰু উন্নত চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসক আৰু এম্বুলেন্সেই নাথাকে, তেন্তে আদৰ্শ চিকিৎসালয় তথা মডেল হাস্পতালৰ মৰ্যাদা কিমান যুক্তিসংগত ৷ আনহাতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ সমষ্টিৰ জিলাতেই যদি এখন চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন চিকিৎসা সেৱাক লৈ এনে অভিযোগ উত্থাপন হয়, তেন্তে বিষয়টোৱে স্বাভাৱিকতে অধিক গুৰুত্ব লাভ কৰিছে। স্থানীয় ৰাইজে গৰুবন্ধা আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিযুক্তি, ২৪ ঘণ্টীয়া জৰুৰীকালীন সেৱা আৰু পৰ্যাপ্ত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।এগৰাকী গৰ্ভৱতী মহিলা আৰু এগৰাকী কিশোৰী তথা ছাত্ৰীৰ কৰুণ মৃত্যুৰ পিছত এতিয়া দুৰ্ঘটনাটোৰ তদন্তৰ লগতে গুৰুতৰ ভাৱে আহতক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষৰ ভূমিকা সম্পৰ্কেও নিৰপেক্ষ তদন্তৰ দাবী উত্থাপিত হৈছে। ইফালে মিছামাৰীৰ কঠালগুৰি – দীঘলজুলি পথৰ এই মৰ্মান্তিক ঘটনাই অঞ্চলবাসীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰাৰ লগতে পথ সুৰক্ষা আৰু গ্ৰামাঞ্চলৰ চৰকাৰী চিকিৎসা সেৱাৰ বাস্তৱ ছবিখনো পুনৰবাৰ উন্মোচিত কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.