...

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস আয়োজন

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস আয়োজন

যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁইলৈ অশোক কুমাৰ বৰগোহাঞি সোঁৱৰণী বঁটা ঘোষণা

চাইন অন ডেস্ক,১০আগষ্ট:

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ গৌৰৱোজ্জ্বল দ্বি-বিংশতিতম (২২সংখ্যক) প্ৰতিষ্ঠা দিৱস উপলক্ষে বঁটা প্ৰদান, বিশেষ বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ১৪ আগষ্ট ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্ৰতি বছৰে প্ৰদান কৰি অহা শিক্ষাবিদ অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটাৰ বাবে এইবাৰ জুৰী ব’ৰ্ডে যুৱ সাংবাদিক টমাচ বুঢ়াগোহাঁইক নিৰ্বাচিত কৰিছে। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত প্ৰদান কৰিবলগীয়া এই বঁটাত নগদ ধন, অংগবস্ত্ৰ আৰু প্ৰশস্তি পত্ৰ আদি থাকিব।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব। আনহাতে, আবেলি অনুষ্ঠিত হ’ব মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।

ইফালে, শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত সৃষ্টি হোৱা প্ৰলয়ংকৰী বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা দিৱসৰ অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহ এইবাৰ স্থগিত ৰখা হৈছে যদিও বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু বানপীড়িত তথা সৰ্বস্বান্ত হোৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি  বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ খোৱাংৰ পৰা ডিকমলৈকে বিভিন্ন অঞ্চলৰ সাংবাদিকসকলক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে বিগত ২২ বছৰে সংবাদ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ লগতে সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। সংবাদ সেৱাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত দুৰ্যোগপীড়িত লোকৰ কাষত থিয় দি মানৱীয় সেৱাৰ ক্ষেত্ৰতো সংগঠনটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীতে ৰাইজ, শুভাকাংক্ষী আৰু সাংবাদিক সমাজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *