ৰূপহীমুখত বিধায়কৰ পৃষ্ঠপোষকতা
৫০ বিঘাৰ সমূহীয়া কঠীয়াতলী শুভাৰম্ভ
দিখৌমুখ,১০আগষ্টঃ
শিৱসাগৰ জিলাৰ বানাক্ৰান্ত কৃষক ৰাইজক কঠীয়া যোগান ধৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰূপহীমুখবাসীয়ে৷ অঞ্চলটোৰ কেইবাগৰাকীও উদ্যোগী যুৱক আৰু কৃষকে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিশেষ পৃষ্ঠপোষকতাত আৰু কৃষি বিভাগৰ উদ্যোগত পঞ্চাশ বিঘা মাটি ৰূপহীমুখৰ পথাৰত চাহ কৰি ইতিমধ্যে কঠীয়া সিঁচা কাৰ্যসূচী আৰম্ভ কৰিছে৷ পাঁচ আগষ্ট তাৰিখে বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়ক অম্লানজ্যোতি
গগৈয়ে জিলা কৃষি বিভাগ তথা কৃষি চক্ৰ গৌৰীসাগৰৰ উদ্যোগত “সমূহীয়া কঠীয়াতলী” শুভাৰম্ভ কৰি কয় যে বিধায়ক অখিল গগৈয়ে সমষ্টিটোৰ বানাক্ৰান্ত কৃষকসকলক সকাহ দিবলৈ
সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে কৃষি চক্ৰ গৌৰীসাগৰৰ চক্ৰ বিষয়া উৎপল বৰুৱাই কয় যে কৃষি বিভাগে বানাক্ৰান্ত কৃষক সকলক সকাহ দিবলৈ গ্ৰহণ কৰা এই পদক্ষেপক স্হানীয় বিধায়ক গৰাকীয়ে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে৯৷ কৃষি সম্প্ৰসাৰন বিষয়া নৱজ্যোতি বৰাইও শুভাৰম্ভ অনুষ্ঠানত গৌৰীসাগৰ কৃষি খণ্ড উন্নয়ন বিষয়া সপ্তৰিষা চেতিয়াৰ তত্বাৱধানত এই “সমূহীয়া কঠীয়াতলী” প্ৰস্তুত কৰা কাৰ্যত জৰিত হৈ থকা মুনীন টায়ে, নিবাৰণ কলিতা, দেৱজিৎ কলিতা, মাধুৰ্য্য কলিতা, মৃদুল কলিতা, কৃষ্ণ কলিতা, বুবু কলিতা, ৰাতুল খাউণ্ড, সত্যজিৎ সাধনীদাৰ, বিকাশ হাজৰিকা, বিপুল হাজৰীকা, দেৱব্ৰত কাকতী, কুলামণি গগৈ আৰু সত্যজিৎ শইকীয়াক বিধায়কৰ হৈ অম্লানজ্যোতি গগৈ আৰু কৃষি বিভাগৰ হৈ কৃষি চক্ৰ বিষয়া উৎপল বৰুৱাই বানাক্ৰান্তক সকাহ দিবলৈ এনেদৰে সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়৷