...

ভাইৰেল আইতা অৰুণাপ্ৰিয়া বৰ্মনৰ দেহাৱসান

ভাইৰেল আইতা অৰুণাপ্ৰিয়া বৰ্মনৰ দেহাৱসান

চাইন অন ডেস্ক,১০আগষ্টঃ

মনত আছে নে? মনত পৰে নে ? ভাইৰেল আইতা অৰণাপ্ৰিয়া বৰ্মন আৰু নাই। বঙাইগাও জিলাৰ বইটামাৰী অঞ্চলৰ ৰঘুনন্দনপুৰৰ আইতা গৰাকীৰ দেওবাৰে পুৱা ৯ বজাত বাৰ্থক্যজনিত ৰোগত দেহাৱসান ঘটে। উল্লেখ্য যে এই আইতা গৰাকীয়ে তেওঁৰ স্বামী অৱসৰী শিক্ষক নব্বৈ উৰ্দ্ধৰ গিৰিশ চন্দ্ৰ বৰ্মনৰ সৈতে বিভিন্ন ফটো,ভিডিঅ’ আদিত অংশগ্ৰহন কৰি সামাজিক মাধ্যমত ব্যপক চৰ্চা লাভ কৰিছিল। বিশেষকৈ স্বাধীনতা দিৱস আৰু গনতন্ত্ৰ দিৱসত এই ককা-আইতা যুটীয়ে হাতত জাতীয় পতাকা লৈ উঠা ফটোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই বৃদ্ধ দম্পত্তী হালৰ ভিডিঅ’ অসমৰ মুখ্যমন্ত্ৰীয়ো শ্বেয়াৰ কৰিছিল। এই আইতা গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, পুত্ৰ-বোৱাৰী আৰু অজস্ৰ গুনমুগ্ধক এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *