বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত
অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ
চাইন অন ডেস্ক,৯আগষ্ট:

অনুষ্ঠানত কমলা শইকীয়াৰ সাহসী সাংবাদিকতা, সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু সত্য প্ৰতিষ্ঠাৰ বাবে আগবঢ়োৱা আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সত্য আৰু 
ইফালে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বক্তব্য ৰাখি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই কয় যে কমলা শইকীয়াৰ হত্যাকাণ্ডৰ ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছতো ন্যায় নোপোৱাটো অতি দুৰ্ভাগ্যজনক আৰু সমগ্ৰ সাংবাদিক সমাজৰ বাবেই এয়া গভীৰ পৰিতাপৰ বিষয়। এগৰাকী সাংবাদিকক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো ঘটনাৰ সৈতে 
কমলা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰটো পুনৰ মুকলি কৰি সমগ্ৰ ঘটনাৰ নিৰপেক্ষ আৰু গভীৰ তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক চিনাক্ত কৰি আইনৰ আওতালৈ অনাৰ দাবী জনায় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। শ্বহীদ সাংবাদিকগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো চৰকাৰক অধিক দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জেষ্ঠ যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁই, প্ৰাক্তন আছু নেতা তথা সাংবাদিক খগেন দত্তকে প্ৰমুখ্য কৰি সাংবাদিক সকল উপস্থিত থাকি শ্বহীদ সাংবাদিক জনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।