...

ডিব্ৰুগড় আই টি আইত হাহাকাৰ অৱস্থা

ডিব্ৰুগড় আই টি আইত হাহাকাৰ অৱস্থা

অধ্যক্ষৰ অকৰ্মণ্যতাত ছাত্ৰ-শিক্ষক-কৰ্মচাৰীৰ দুৰ্ভোগ

চাইন অন ডেস্ক,৯আগষ্ট:

উন্নত প্ৰযুক্তিৰ অন্যতম প্ৰতিষ্ঠান বৰবৰুৱাস্থ ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আই টি আইত তেনে প্ৰযুক্তিক কাৰ্যত: ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীকে আদি কৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাহাকাৰ কৰিব লগীয়া হৈছে। এনে হাহাকাৰৰ একমাত্ৰ কাৰণটোৱেই হৈছে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোলৈ বিদ্যুৎ সৰবৰাহ কৰা ট্ৰেন্সফৰ্মাৰ যন্ত্ৰ নথকাটো। ট্ৰেন্সফৰ্মাৰ এটা আছিল, কিন্তু বৰ্তমান পৰি আছে বিদ্যুৎ বিভাগৰ ডিব্ৰুগড় সংমণ্ডল কাৰ্যালয়ত। ট্ৰেন্সফৰ্মাৰটো বেয়া হোৱাত মেৰামতি কৰিবলৈ বিদ্যুৎ বিভাগক দিয়া হৈছিল আৰু সংশ্লিষ্ট বিভাগেও মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰি থৈ দিছে। যি সময়ত উৎকট গৰমৰ দিনত লাইট-ফেন আদি নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীকে আদি কৰি সকলোৱে অসহ্য গৰমৰ মাজত সময় কটাবলগীয়া হৈছে। দুৰ-দূৰণীৰ পৰা অহা শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহন অবিহনেই ঘৰলৈ ঘূৰি যাব লগা হৈছে। মেৰামতি কৰি চলাব পৰা অৱস্থাত ডিব্ৰুগড়ৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত ট্ৰেন্সফৰ্মাৰটো অযথা পৰি আছে, অথচ তাক অনাৰ ব্যৱস্থা কৰিবলৈ আই টি আইৰ মূল অধ্যক্ষ গৰাকীয়েই নাই। অধ্যক্ষ ৰাজু গোপাল তিনিচুকীয়া আই টি আইৰো অধ্যক্ষৰ দায়িত্বত আছে বাবেই বৰবৰুৱাৰ এই আই টি আইলৈ আজি এমাহ ধৰি অহা নাই। স্থানীয় সাংবাদিকে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ এনে হাহাকাৰ অৱস্থাৰ সবিশেষ জানিবলৈ অধ্যক্ষক বিচাৰি কেইবাদিনো গৈছিল যদিও এদিনো লগ নেপালে। জানিব পৰা মতে অধ্যক্ষ ৰাজু গোপালৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেতৃস্থানীয় লোকে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত ইতিমধ্যে অভিযোগ পত্ৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *